ডিজিটেল ডেস্কঃ ভাৰতৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে দাখিল কৰা মহাভিযোগ প্ৰস্তাৱ সম্পৰ্কত উপ-ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা সিদ্ধান্তৰ বিৰোধীতা কৰি দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে৷ তাৰ পিছতে কংগ্ৰছৰ হৈ অধিবক্তা কপিল চিব্বলে আবেদনখনি উভটাই লয়৷

ৰাজসভ্যৰ উপাধ্যক্ষ ভেংকয়া নাইডুৱে বিৰোধীৰ সাংসদ স্বাক্ষৰিত মহাভিযোগৰ প্ৰস্তাৱ নাকচ কৰাৰ দুসপ্তাহ পিছত নাইডুৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাইছিল দুই কংগ্ৰেছী সাংসদে। 

সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে উত্থাপিত এই প্ৰস্তাৱ নাকচ কৰা বিষয়টো সন্দৰ্ভত যুটীয়া পিটিশ্যন দাখিল কৰা পাঞ্জাৱৰ সাংসদ প্ৰতাপ সিং বাজৱা আৰু গুজৰাটৰ সাংসদ হৰ্ষদ্ৰয় য়াজ্ঞিকে কয় যে ৰাজ্যসভাৰ নিয়মানুসাৰে ৭১ গৰাকী সাসংদৰ স্বাক্ষৰিসম্বলিত প্ৰস্তাৱটো ভেংকয়া নাইডুৱে নাকচ কৰাৰ কোনো অধিকৰা নাই।