গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া জাতি ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ 

শাসকীয় বিজেপিৰ বাহিৰে প্ৰায় সকলো ৰাজনৈতিক দলে যুটীয়া সংসদীয় সমিতিক শুনানিত অংশ লৈ নিজৰ মতামত প্ৰকাশ কৰে৷ অসম গণ পৰিষদ, কংগ্ৰেছ আদি দলে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে৷ অসম চুক্তিৰ স্বাক্ষৰকাৰী তথা অগপ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে যুটীয়া সংসদীয় সমিতিক প্ৰথম সাক্ষ্য দিয়ে৷ 

পুৱাই খানাপাৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মাই৷ দুয়োগৰাকী অসম চুক্তিৰ স্বাক্ষৰকাৰী দুয়োজনেই প্ৰথমে সাক্ষ্যদান কৰে৷ তাৰ লগে লগে অসম গণ পৰিষদ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে অগপৰ হৈ স্মাৰকপত্ৰ দিয়ে যুটীয়া সংসদীয় সমিতিক৷

আনহাতে বহু পলমকৈ হলেও শুনানিত উপস্থিত হয় কংগ্ৰেছ দল৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত খানাপাৰত উপস্থিত হোৱা কংগ্ৰেছৰ দলটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰূপজ্যোতি কূৰ্মী, ৱাজেদ আলী চোধুৰী, কংগ্ৰেছ নেতা মুকুল শৰ্মা আদিয়ে যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰি স্মাৰক পত্ৰ প্ৰদান কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰা বুলি প্ৰকাশ কৰে৷