![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/WhatsApp%20Image%202017-04-23%20at%206.22.14%20PM.jpeg?itok=tlRg54W8)
গুৱাহাটীঃ প্ৰব্ৰজনেই যে অভিবাসী মুছলমানৰ সংখ্যা বৃদ্ধিৰ মূল কাৰণ নহয়- এই মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱি ড. হীৰেন গোহাঁইয়ে। অধ্যাপক আব্দুল মান্নানৰ নৱতম গ্ৰন্থ- "অনুপ্ৰৱেশঃ অসম আন্দোলনৰ আদিকথা" নামৰ গ্ৰন্থখন আজি ৰাজ্যিক যাদুঘৰৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাবে উন্মোচন কৰি বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেন গোহাঁইয়ে কয় যে- কেইবাটাও দশক ধৰি অসম উত্তাল কৰি জনসাধাৰণৰ মাজত সৃষ্টি কৰা অশান্তি, অস্থিৰতা হিংসা,বিদ্বেষ আৰু এটা অস্বাভাৱিক পৰিৱেশ সৃষ্টি কৰাৰ গোটেই বিলাক ঘটনা যি ধাৰণাই উচিটনি আৰু উদগনি দিছে সেই ধাৰণাটোৰ ভিত্তি কি সেই সম্পৰ্কে অধ্যাপক মান্নানে গ্ৰন্থখনত প্ৰশ্ন কৰিছে।
'মই ভাবোঁ যে আব্দুল মান্নানে অতি বস্তুনিষ্ঠ আৰু বিশ্বস্তভাবে প্ৰতিপন্ন কৰিছে। বাল্য বিবাহ আৰু জন্ম নিৰোধৰ জ্ঞান নথকা কাৰণে শিশুৰ সংখ্যা বৃদ্ধি হৈছে আৰু জনসংখ্যা বৃদ্ধি হৈছে। অন্য জনগোষ্ঠীৰ যেতিয়া দুটা প্ৰজন্ম হয় তেতিয়া অভিবাসী সকলৰ তিনিটা প্ৰজন্ম হৈ পৰে, ১৬-১৭ বছৰত বিয়া হৈ বাপেক হৈ যায়, ল'ৰা-ছোৱালী জন্ম দি থাকে।
প্ৰব্ৰজনৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ যি কল্প কাহিনী সেয়া মই ভাব যে আব্দুল মান্নানে বিশ্বাসযোগ্য ভাবে উন্মোচন আৰু খণ্ডন কৰিছে।’-এনেদৰে গ্ৰন্থখনৰ সন্দৰ্ভত মন্তব্য কৰে গোহাঁইয়ে। এখন বিজ্ঞান সন্মত গ্ৰন্থ আমাক দিয়াৰ বাবে মান্নানক অভিনন্দনো জনায় গোহাঁইয়ে।
বিশিষ্ট চিন্তাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ্ৰমোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ন্যায় আৰু সমতা দাবী সমিতিৰ সভাপতি তথা গ্ৰন্থ খনৰ প্ৰকাশন গোষ্ঠী 'আয়না'ৰ বিষয়ববীয়া অধ্যাপক আব্দুল চালামে।
ইপিনে অসমৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক লেখক, সমাজকৰ্মী, ছাত্ৰ সংগঠক, শ্ৰমিক সংগঠক, ৰাজনৈতিক আদিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত অধ্যাপক উদায়িত্য ভৰালী, অধ্যাপক মুনিৰুল হুছেইন, অধ্যাপক আবু নাছাৰ ছৈয়িদ আহমেদ, ড° যোগেদ্ৰ নাথ, অধ্যাপক দিলীপ বৰা, অধ্যাপক অখিল ৰঞ্জন দত, সাংবাদিক বেদব্ৰত বৰা আদি ব্যক্তি সকলো উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
উল্লেখ্য যে এই অসমীয়া গ্ৰন্থখনিক ইংৰাজীলৈ ভাষান্তৰ কৰিছে ড° হাচিনুচ চুলতান আৰু বদৰুল ইছলাম বেগে। একেটা অনুষ্ঠানতে ইংৰাজী অনুবাদ গ্ৰন্থখনো উন্মোচন কৰা হয়। উল্লেখযোগ্য যে আজি উন্মোচিত গ্ৰন্থখনত অধিবক্তা আব্দুৰ ৰহমান শিকদাৰৰ বিদেশী গোচৰ সংক্ৰান্তত বিশেষ অনুবন্ধন সংযোজন কৰা হৈছে।