সমগ্ৰ বিশ্ব এতিয়া ক’ৰ’না ভাইৰাছৰ গ্ৰাসত। ইয়াৰ মাজতে এই ভাইৰাছবিধক পৰাস্ত কৰিবলৈ প্ৰতিষেধক উদ্ভাৱনৰ বাবে গৱেষণাগাৰত বিজ্ঞানীসকলে অব্যাহত ৰাখিছে গৱেষণা। প্ৰতিষেধক প্ৰস্তুতকৰণত বিজ্ঞানীসকলে সফলতা অৰ্জন কৰিলেও সাধাৰণ লোকসকল ইয়াৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা কিমান? এই সন্দৰ্ভত NNOৰ পঢ়ুৱৈসকলৰ বাবে নিম্ন উল্লিখিত লেখাটো লিখিছে পাপুলজ্যোতি বৰগোহাঞিয়ে।
বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ ৰোগক মহামাৰী হিচাপে ঘোষণা কৰাৰ পাছত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কুৱাৰিন্টিন বা লকডাউনৰ দৰে এনে কঠোৰ ব্যৱস্থাৱলীয়ে সংক্ৰমণৰ গতি কিছু ধীৰ কৰিছে সঁচা, কিন্তু এক ফলপ্ৰসূ প্ৰতিষেধকৰ উদ্ভাৱন নোহোৱালৈকে এই ৰোগ নিৰ্মূল হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।