![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/kiss-corona.jpg?itok=Y7E9F8S1)
লণ্ডনঃ সমগ্ৰ বিশ্বতে এতিয়া সামাজিক দূৰত্ব আৰু ছেল্ফ আইছ’লেশ্যনে লাভ কৰিছে বিশেষ গুৰুত্ব। কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ এই দুটাই হৈছে বৰ্তমানৰ মুহূৰ্তত অতি উত্তম পন্থা। এনে পৰিপ্ৰেক্ষিতত বহুতৰে মনত এই সময়ছোৱাত ছেক্স কৰাতো উচিত নে অনুচিত সেই লৈ প্ৰশ্ন উত্থাপন হোৱাতো স্বাভাৱিক। বিশ্বৰ ভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলেও এয়া কোনো ভুল কথা বা হাঁহিবলগীয়া তথা ঠাট্টা-মস্কৰা কৰিবলগীয়া কথা নহয় বুলি স্পষ্টকৈ কৈছে।
কৰ’নাক লৈ সমগ্ৰ বিশ্বতে উদ্ভৱ হোৱা পৰিস্থিতিলৈ চাই এই মহামাৰীয়ে মানুহৰ দৈনন্দিন 'ছেক্স লাইফ’ত কিধৰণে প্ৰভাৱ পেলাইছে সেই লৈও ইতিমধ্যে আৰম্ভ হৈছে গৱেষণা আৰু বিশেষ অধ্যায়ন। ইয়াৰ ফলত পৰিব পৰা সামূহিক মানসিক আৰু শাৰীৰিক প্ৰভাৱ সম্পৰ্কেও বিশ্লেষণ অব্যাহত ৰাখিছে গৱেষকসকলে।
বিজ্ঞানীসকলে এই বিষয়টোক লৈ কৰা প্ৰাৰম্ভিক গৱেষণা আৰু অধ্যায়নৰ অন্তত জনাইছে যে কৰ’না ভাইৰাছৰ ফলত হোৱা ৰোগ Covid-19 শাৰীৰিক সম্পৰ্ক বিশেষকৈ চুম্বনৰ জৰিয়তেও সংক্ৰমিত হ’ব পাৰে। ইয়াৰ পিছতে গ্ৰেট ব্ৰিটেইন চৰকাৰে কৰ’না ভাইৰাছক লৈ জাৰি কৰা ৰাজহুৱা নিৰ্দেশনাতো এই প্ৰসংগৰ অৱতাৰণা কৰিছে। এই নিৰ্দেশনাত কৰ’না ধৰা নপৰিলেও শৰীৰ দুৰ্বল যেন লাগিলে তেনেধৰণৰ সম্পৰ্কৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।
কি কয় স্বাস্থ্য বিশেষজ্ঞই?
বিবিচি আৰু দ্য গাৰ্ডিয়ানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউনিভাৰ্ছিটি অব এংগোলিয়াৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ অধ্যাপক ডা০ পল হাণ্টাৰে কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰা অঞ্চলৰ লোকসকলক এই সময়ছোৱাত শাৰীৰিক সম্পৰ্কৰ পৰা পৰাপক্ষত বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।
'যদিহে আপুনি আৰু আপোনাৰ সংগীৰ দেহত কৰ’না ভাইৰাছৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই তেন্তে ছেক্স নকৰাকৈ থকাৰ কোনো কাৰণ নাই। কিন্তু যদিহে আপোনাৰ অঞ্চলত কোনো লোকৰ দেহত পজিটিভ ধৰা পৰিছে তেন্তে অলপ সতৰ্ক হওক। আপুনি বা আপোনাৰ সংগীৰ যিকোনো এজনেও যদি শৰীৰ দুৰ্বল যেন অনুভৱ কৰিছে তেতিয়াও এই সময়ছোৱাত সম্পৰ্ক ৰক্ষা কৰাতো বিপদৰ কাৰণৰ হৈ উঠিব পাৰে। তাতকৈ কেইদিনমানৰ বাবে এৰাই চলাটোৱেই বুদ্ধিমানৰ কাম হ’ব।’-এইদৰে কয় বিশেষজ্ঞগৰাকীয়ে।
অধ্যাপক হাণ্টাৰৰ সৈতে সহমত পোষণ কৰি আন কেবাগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু গৱেষকে মন্তব্য কৰিছে যে এই মহামাৰীৰ সময়ত নিয়মিত সংগীৰ বাদে আন কোনো লোকৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাতো যথেষ্ট বিপদজনক হৈ উঠিব পাৰে, কিয়নো বহু সময়ত কৰ’না ভাইৰাছৰ লক্ষণ ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ লগে লগে দেখা নাযাবও পাৰে।
চুম্বনৰ জৰিয়তেও বিয়পে কৰ’না ভাইৰাছ
দ্য গাৰ্ডিয়ানৰ সৈতে হোৱা সাক্ষাৎকাৰত Dr Carlos Rodríguez-Díaz-এ স্পষ্টকৈ কৈছে যে চুম্বনৰ জৰিয়তে কৰ’না ভাইৰাছ সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। সেয়ে এই সময়ছোৱাত চুম্বনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ডা০ কাৰ্লোছে। 'একেলগে থকাসকলৰ ক্ষেত্ৰত বিশেষ সমস্যা নাই। কিন্তু আপুনি বা আপোনাৰ সংগী যদিহে এইকেইদিনত আন এখন ঠাইৰ পৰা ভ্ৰমণ কৰি আহিছে তেন্তে অতিকমেও এসপ্তাহলৈ চুম্বন তথা শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি থাকিলে বিপদৰ সম্ভাৱনা হ্ৰাস পাব। এই সময়ছোৱাত পৰাপক্ষত ডেটিং নকৰাই ভাল।’-ডা০ কাৰ্লোছৰ পৰামৰ্শ।
ক্লিক কৰি পঢ়কঃ ১৪ ঘণ্টাৰ 'জনতাৰ কাৰ্ফিউ' পালন কৰিলেই Corona মুক্ত হ'ব নে ভাৰত?
নিউয়ৰ্কৰ স্থানীয় স্বাস্থ্য বিভাগেও এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি চহৰখনৰ বাসিন্দাসকলক বিষয়টোক লৈ সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। এই নিৰ্দেশনাত জনতাৰ সুবিধা হোৱাকৈ নিউয়ৰ্কৰ স্বাস্থ্য বিভাগে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে সেয়া স্পষ্টকৈ উল্লেখ কৰিছে। অৱশ্যে এনেধৰণৰ বিষয়বোৰ ভাৰতত মুকলিকৈ আলোচনা কৰা নহয় বাবে এই লৈ এতিয়ালৈ ভাৰতত কোনো ধৰণৰ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হোৱা নাই।
অৰ্থাৎ এয়া সুস্পষ্ট যে কৰ’না মহামাৰীৰ এই সময়ত সকলোৱে সামাজিক দূৰত্ব আৰু ছেল্ফ আইছ’লেশ্যনক প্ৰাধান্য দিয়া উচিত। ইয়াৰ বাবে দেওবাৰৰ দিনটোত ভাৰতবাসীয়ে কেন্দ্ৰ চৰকাৰৰ আহ্বান মৰ্মে ১৪ ঘণ্টাৰ বাবে পালন কৰিছে 'জনতাৰ কাৰ্ফিউ’। এই কাৰ্ফিউ পালনৰ জৰিয়তে কৰ’না মহামাৰীৰ পৰা সমগ্ৰ বিশ্ব মুক্ত নোহোৱা পৰ্যন্ত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ প্ৰেৰণা আৰু সাহস লাভ কৰিব বুলি আশা কৰা হৈছে।