মোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে চিপিআই(এম)ৰ অৱস্থান ধৰ্মঘট

গুৱাহাটীঃ মোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে মহানগৰৰ দীঘলীপুখুৰীৰ সন্মুখত আজি চিপিআই(এম)য়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ দিনৰ১২ বজাৰ পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী অসম ৰাজ্যিক পৰিষদৰ কামৰূপ মেট্ৰ জিলা সদস্য সকলে।

ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্তই কয় ‘মোডী চৰকাৰৰ ৰাফেল বিমান কেলেংকাৰী তদন্তৰ বাবে সংসদৰ যুটীয়া কমিটি গঠন কৰিব লাগে’। ইয়াৰ উপৰিও চিপিআই(এম)য়ে ৰাফেল যুদ্ধ বিমানৰ ঠিকা সন্দৰ্ভত মোডী চৰকাৰক প্ৰশ্ন কৰি কয়- ‘পূৰ্বতে ভাৰতৰ সুখয় যুদ্ধ বিমান নিৰ্মান কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্থান এয়াৰন'টিকচক ৰাফেল ক্ৰয় কৰাৰ ঠিকাৰ পৰা বঞ্চিত কৰি অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্সক দিয়া হল বুলি প্ৰশ্ন উত্থাপন কৰে।

উল্লেখযোগ্য যে অনিল আম্বানীৰ নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্স নামৰ কোম্পানীটোৱে ৰাফেলৰ ক্ৰয়ৰ নামত ৩০ হাজাৰ কোটি টকা আত্মসাত কৰা বুলিও অভিযোগ উত্থাপন কৰে চিপিআই(এম)য়ে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰায়ে কয় দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি কথা।কিন্তু অতি পৰিত্ৰাপৰ কথা বৰ্তমান সময়ত ৰাজ্যখনত কয়লা,তেল, কণী,মাছ,পান আদি সকলো ওপৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে বুলি উল্লেখ কৰে চিপিআই(এম)য়ে।

ইয়াৰ উপৰিও উত্তৰ কাছাৰ হাজাৰকোটি টকীয়া কেলেংকাৰী,সাৰদা, ৰোজভেলী চিটফাণ্ড কেলেংকাৰী,লুইচ বাৰজা কেলেংকাৰী উচ্চ পয্যায়ৰ তদন্ত হব লাগে বুলিও দাবী জনায় চিপিআই(এম)য়ে।