
লংকাঃ হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষকৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল কৃষক।ঠিকাভিত্তিত শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত আজি প্ৰতিবাদত নামিল কাকী ডিমৰু পথাৰবাসী ৰাইজ।
হোজাইৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৱাল, বৃদ্ধ, বনিতাই শ্ল’গান দিলে মানৱ সম্পদ গঢ়া খনিকৰৰ বাবে৷ সমগ্ৰ দেশত কৃষকৰ সমস্যা সমাধানৰ বাবে তীব্ৰ প্ৰতিবাদ কৰি থকাৰ মাজতে অসমৰ কৃষকে প্ৰতিবাদ কৰিলে ভৱিষ্যত প্ৰজন্মক সম্পদ হিচাপে গঢ় দিয়া শিক্ষকৰ বাবে৷
হোজাই জিলাৰ কাকী মৌজাৰ বিদ্যালয়সমুহত নিয়োজিত হৈ থকা ঠিকাভিত্তিত শিক্ষকসকলৰ স্থায়ী নিযুক্তিৰ লগতে শৈক্ষিক অস্থিৰতা দূৰ কৰা, বিশুদ্ধ খোৱাপানী যোগান, বিদ্যালয়ৰ শ্ৰেণী কোঠা তথা আন্তঃগাঁঠনি উন্নত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক ৰাইজে৷
কাকী অঞ্চলৰ বাট-পথৰ যাতায়তৰ উপযোগী কৰি তোলা, সমগ্ৰ অঞ্চলটোত বিজুলী সেৱাৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীক শৈক্ষিক উত্তৰণত সহায় কৰাৰ দাবী জনায়৷
কাকী ডিমৰু পথাৰবাসী ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকৰ চাকৰিৰ পৰা বঞ্চিত কৰিব খোজা গভীৰ ষড়যন্ত্ৰক কোনো কাৰণত মানি লোৱা নহ'ব বুলি সকীয়াই দি পৃথকে পৃথকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ হোজাই উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে।