17
May
2021

গোলাঘাটৰ নিজা প্ৰতিবেদক: ১৭ মে' ২০২১ ৰাজ্যখনত বৰ্দ্ধিত ক'ভিড-১৯ ৰোগীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰা দিনৰ ১১ বজাৰ পৰা জাৰী কৰা সান্ধ্য আইনৰ প্ৰতি অইন জিলাৰ লগতে গোলাঘাট জিলাৰ সদৰ চহৰতো জিলা বাসীয়ে সম্পূৰ্ণ সহাঁৰি জনাইছে ৷ সদৰ চহৰ খনৰ দোকান-পোহাৰ দিনৰ ১১ বজাৰ লগে লগে চৰকাৰী নীতি-নিয়ম অনুসৰু বন্ধ হৈ যায় ৷ এই সান্ধ্য আইনৰ সময়ছোৱাত সদৰ চহৰ খনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা দেখা নাই ৷