
মংগলদৈঃ দৰং জিলাৰ বৃহত্তৰ চৰনধৰাত বিগত চাৰি বছৰৰ দৰে এইবেলিও চাৰিদিনীয়া কাৰ্য্যসুচীৰে অহা ২০, ২১, ২২, ২৩ মাৰ্চত আয়োজন কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ৷ ইতিমধ্যে হেমচন্দ্ৰ নাথক সভাপতি, ধনমণি শইকীয়াক কাৰ্যকৰী সভাপতি, উপেন নাথক মুখ্য সম্পাদক হিচাপে লৈ উদযাপন সমিতিখন গঠন কৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷
দৌল উৎসৱৰ কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা ২০ তাৰিখে ৰাতিপুৱা ৫-৩০ বজাত বন্তি প্ৰজ্বালন, ৮ বজাত স্বচ্ছ অভিযান, ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৯-১৫ বজাত স্মৃতি তৰ্পণ, ৯-৩০ বজাত সেউজী ধৰণী, ৯-৪৫ বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন, ১০ বজাত মূল সভাগৃহৰ দ্বাৰ উন্মোচন, ১০-৩০ বজাত শংকৰী কলাকৃষ্টি বিকাশ ভৱনৰ দ্বাৰ উন্মোচন, ১১-১০ বজাত দিহানাম প্ৰতিযোগিতা দিনৰ, ১ বজাত আয়তীৰ পানী তোলা, ১-৩০ বজাত মহাপ্ৰসাদ গ্ৰহণ, সন্ধিয়া ৬ বজাত দৌল মণ্ডপৰ মূল দ্বাৰ উন্মোচন, ৬-৩০ বজাত বন্তি প্ৰজ্বলন, ৭-৩০ বজাত দৌল মণ্ডপত গোঁসাই স্থাপন, ৮-৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন৷
দ্বিতীয় দিনা ৫-৩০ বজাত প্ৰাতঃ প্ৰসংগ, ৭ বজাত স্বচ্ছ ভাৰত, ৮ বজাত ভাগৱত পাঠ, ১০ বজাত সমূহীয়া নাম, ১২ বজাত গোসাঁই শিৰত আবিৰ প্ৰদান, দুপৰীয়া ১-৩০ বজাত ধৰ্মালোচনী সভা৷
দৰং জিলা শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক ৰামচন্দ্ৰ ডেকাই সভাপতিত্ব কৰিবলগীয়া সভাখনত মুখ্য অতিথি হিচাপে বিত্ত স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজহ, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা উপস্থিত থকাৰ লগতে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ প্ৰতিষ্ঠাপক হেমভাই, বিশিষ্ট অতিথি হিচাপে সাংসদ ৰমেন ডেকা, বিধায়ক মহেশ্বৰ বড়ো, গুৰুজোতি দাস, বিনন্দ কুমাৰ শইকীয়া, দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাস, বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ লৌমশ্ৰাউ দৈমাৰী, প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায়চৌধুৰী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলিপ শইকীয়া, আমন্ত্ৰিত অতিথি হিচাপে বিটিচিৰ উপাধ্যক্ষ নেৰচৌন বড়ো, মঙ্গলদৈ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃনালমনি ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী যাদৱ শইকীয়া, দীনেশ ডেকা৷
সন্ধিয়া ৬ বজাত সৰ্ম্বদ্ধনা অনুষ্ঠান৷ ৭-৩০ বজাত মহাপুৰুষীয়া ভাওনা বিপ্ৰ দামোদৰ আখ্যান নাট প্ৰদৰ্শন৷ ২২ মাৰ্চ ৰাতিপুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগ, ৯ বজাত স্বচ্ছ ভাৰত, ১০ বজাত সাংস্কৃতিক প্ৰতিযোগিতা, ৩ বজাত অন্তৰংগ আলাপ, সন্ধিয়া ৭ বজাত সমন্বয় সাংস্কৃতিক অনুষ্ঠান৷ উদ্বোধন কৰিব ৰেচম বিভাগৰ ক্ষেত্ৰ বিষয়া জীৱেশ্বৰ দাসে৷ ২৩ মাৰ্চ শনিবাৰে ৰাতিপুৱা ৫-৩০ বজাত প্ৰাতঃ প্ৰসংগ, ৯ বজাত স্বচ্ছ ভাৰত, ১০ বজাত সমূহীয়া আবিৰ গ্ৰহণ, ১১ বজাত গোসাঁই পৰিভ্ৰমণ, সন্ধিয়া ৬ বজাত সমূহীয়া ভোগ গ্ৰহনেৰে অনুষ্ঠানৰ সামৰনি৷ চাৰিদিনীয়াকৈ আয়োজন কৰা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱত সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে৷
মংগলদৈৰপৰা অজয় ডেকা