নতুন দিল্লীঃ অন্ত পৰিল এখন মহাযুদ্ধৰ। ৰাজনৈতিক প্ৰচাৰ আৰু নিৰ্বাচনী দামামাৰ অন্ত পেলাই আজি সম্পন্ন হ’ল দিল্লীৰ সত্তৰখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ। এতিয়া ইভিএমত বন্দী হৈ পৰিছে কেজৰিৱাল, বিজেপি, কংগ্ৰেছৰ ভাগ্য। ২০১৩ চনৰ পৰা দিল্লীৰ মছনদ দখল কৰি থকা অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে হেট্ৰিক অৰ্জন কৰিব নে ২৭ বছৰৰ পাছত বিজেপিৰ প্ৰত্যাৱৰ্তন ঘটিব তাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা কল্পনাৰ।

সমান্তৰালভাৱে প্ৰকাশ পাইছে বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প’লৰ ফলাফলো। কিন্তু প্ৰকৃততে দিল্লী কাৰ, সেয়া স্পষ্ট হ’ব ৮ ফেব্ৰুৱাৰীত। উল্লেখ্য যে, ২০১৩ চনত কংগ্ৰেছৰ সমৰ্থনত প্ৰথমবাৰৰ বাবে দিল্লীত আপ ক্ষমতালৈ আহিছিল। কিন্তু ২০১৫ চনত কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সময়ত নতুন নিৰ্বাচন অনুষ্ঠিত হয় আৰু আপে ৭০খন আসনৰ ভিতৰত ৬৭খন আসন লাভ কৰে। ২০২০ চনত তেওঁলোকে ৬২ খন আসন লাভ কৰি শক্তিশালী স্থান অক্ষুণ্ণ ৰাখে।

এইবাৰ তৃতীয়বাৰৰ বাবে দিল্লীত হেট্ৰিক অৰ্জনৰ লক্ষ্যৰে ৰণাংগনত অৱতীৰ্ণ হৈছে কেজৰিৱাল বাহিনী। নিৰ্বাচনৰ ফলাফলক লৈ আত্মবিশ্বাসী হৈ থকা অৰবিন্দ কেজৰিৱালে এইবাৰ দিল্লীত ৫৫ খন আসন লাভ কৰিব বুলি দাবী কৰিছ। তেওঁ লগতে এই দাবীও কৰিছে যে যদি মহিলাসকলে তেওঁক সমৰ্থন কৰে, তেন্তে আসনৰ সংখ্যা ৬০ খনতকৈও অধিক হ’ব পাৰে।

ইফালে এগজিট প’লৰ সমীক্ষা অনুসৰি এইবাৰ বিজেপিৰ পক্ষত বলিছে দিল্লীৰ বতাহ। ছটা এগজিট প’লৰ তথ্য অনুসৰি বিজেপিয়ে ৩৫ৰ পৰা ৬০খন আসন লাভ কৰিব পাৰে, আনহাতে আপৰ আসনৰ সংখ্যা ৩২-৩৭ত সীমাবদ্ধ থাকিব পাৰে। মেট্ৰিক্স প’লৰ মতে এইবাৰ দিল্লীত বিজেপিয়ে ৩৯-৪৫ খন লাভ কৰিব। একেদৰে পি মাৰ্কৰ মতে বিজেপিয়ে লাভ কৰিব ৩৯-৪৯ খন আসন। পিপলছ ইনচাইটেও বিজেপিক ৪০-৪৪ আসন প্ৰদান কৰি নিশ্চিত জয়ৰ ইংগিত প্ৰদান কৰিছে। অন্যহাতে পিপলছ পালছে এখোজ আগুৱাই গৈ বিজেপিক ৫১-৬০খন আসন দিছে!

চাণক্য ষ্ট্ৰেটেজিছৰ মতে বিজেপিয়ে লাভ কৰিব পাৰে ৩৯-৪৪খন আসন। আনহাতে, কেৱল ৱাইপ্ৰেছাইডৰ এগজিট প’লেহে আপৰ সপক্ষে ভৱিষ্যদ্বাণী কৰিছে, তেওঁলোকৰ মতে আপে সত্তৰ খনৰ ভিতৰত ৪৬-৫২খন আসন লাভ কৰিব, বিজেপিয়ে লাভ কৰিব ১৮-২৩খন আসন। প্ৰণিধানযোগ্য যে, আপক চেৰ পেলাই যদি এইবাৰ বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়, তেন্তে সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীৰ মছনদত প্ৰত্যাৱৰ্তন ঘটিব গেৰুৱা বাহিনীৰ।

উল্লেখ্য যে, শীলা দীক্ষিতৰ নেতৃত্বত  দিল্লীত ১৫ বছৰ ক্ষমতাত থকাৰ পিছত ২০১৩ চনত কংগ্ৰেছে ক্ষমতা হেৰুৱাবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত একেৰাহে দুটা নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কংগ্ৰেছে। এইবাৰ কেইবাটাও সংস্থাৰ এগজিট প’লত কংগ্ৰেছে ১-৩ খন আসন পাব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে। 

এই নিৰ্বাচনত দিল্লীত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৫,৬১,৪০০। ইয়াৰে ৮,৩৭,৬১৭ জন পুৰুষ, ৭,২৩,৬৫৬ জন মহিলা, আৰু ১২৬৭ জন তৃতীয় লিংগৰ ভোটাৰ। মুঠ ভোটাৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰ আছিল ২,৩৯,৯০৫ জন, ৮৫ বছৰৰ উৰ্ধ্বৰ ভোটাৰ আছিল ১,০৯,৩৬৮ জন আৰু বিশেষভাৱে সক্ষম ভোটাৰ আছিল ৭৯,৮৮৫ জন। অন্যহাতে ৫ ফেব্ৰুৱাৰীত একক পৰ্যায়ত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণত ৬৩.৮ শতাংশ ভোটাৰে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। সৰ্বাধিক ভোটদান হয় উত্তৰ-পূব দিল্লীত (৬৩.৮ শতাংশ) আৰু সৰ্বনিম্ন ভোটদান সম্পন্ন হয দক্ষিণ-পূব দিল্লীত (৫৩.৭ শতাংশ)।

মন কৰিবলগীয়া যে, পূৰ্বে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটদানৰ হাৰ আছিল ৬৫.৬৩ শতাংশ। সেই নিৰ্বাচনত বিজেপিয়ে ৩১খন আসন লাভ কৰাৰ বিপৰীতে আপে ২৮খন আৰু কংগ্ৰেছে ৮খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী ২০১৫ চনত ভোটদানৰ হাৰ ৬৭.১৩ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আপে ৬৭খন, বিজেপিয়ে ৩খন আৰু কংগ্ৰেছে শূন্য আসন লাভ কৰে। ২০২০ চনত ভোটদানৰ হাৰ ৬২.৪৬ শতাংশলৈ হ্ৰাস পোৱাৰ লগে লগে আপে ৬২, বিজেপি ৮, আৰু কংগ্ৰেছে পুনৰ শূন্য লাভ কৰে।

বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প’ল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আপ নেত্ৰী ৰীনা গুপ্তাই কয়, "এগজিট প’লে আপক সদায় কম সংখ্যক আসনেই দি আহিছে, লাগিলে আপুনি ২০১৩ চনৰে এগজিট প’ল চাওক বা ২০২০ৰে এগজিট প’ল চাওক। কিন্তু সত্যটো হ’ল চতুৰ্থবাৰৰ বাবে কেজৰিৱাল মুখ্যমন্ত্ৰী হ’ব।’’ আপ নেতা অনুৰাগ ধনদায়ো ব্যক্ত কৰে একেই কথা। তেওঁ কয়, "মই নাভাবো যে সকলো সমীক্ষা আমাৰ বিৰুদ্ধে। আপ ক্ষমতালৈ নাহে বুলি পূৰ্বেও এগজিট প’লে দাবী কৰি আহিছিল, কিন্তু অৱশেষত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ ভোটদানৰ শতকৰা হাৰত আমি সুখী হৈছো আৰু আমি বিশ্বাসী যে আমাৰ বিজয় নিশ্চিত।"

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এইবাৰ দিল্লীৰ বতাহ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত বহু পৰিৱৰ্তন ঘটিছে। বহু ক্ষেত্ৰত আপৰ প্ৰতি জনতাৰ দেখা গৈছে অনাস্থা। একে সময়তে নিৰ্বাচনৰ প্ৰাকক্ষণত আপৰ আঠ গৰাকী বিধায়কৰ পদত্যাগেও ফলাফলত প্ৰভাৱ পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। কিন্তু দিল্লীবাসীয়ে কাক আদৰি লয়, সেয়া স্পষ্ট হ’ব ৮ ফেব্ৰুৱাৰীৰ নিৰ্বাচনী ফলাফলত!