গ্লোবেলাইজেশ্যন বা বিশ্বায়ন নামৰ বিশ্বব্যপী হোৱা ব্যৱস্থাটোৱে আমাক বহুত নতুন নতুন কিবা কিবা ধ্যান ধাৰণা দিলে। বহুত নতুন নতুন ব্যৱস্থাৰ সৃষ্টি কৰিলে। আমি বহুতে এইবিলাকৰ বহু কথা বুজি পোৱা নাই। বুজি পোৱা নাই এই বিলাকৰ প্ৰয়োজন কি? এইবিলাক ব্যৱস্থা আগতে নাছিল। তেতিয়া আমাৰ একো অসুবিধা হোৱা নাছিল। এতিয়া বহুত নতুন ব্যৱস্থা হ'ল, এই ব্যৱস্থাৰ পৰা আমাৰ কি লাভ হ'ল সেই কথাও আমি বুজি পোৱা নাই। বুজিবলৈ চেষ্টা কৰিও বুজিব পৰা নাই বহুতে। কথাবিলাক যেন এক প্ৰকাৰৰ ৰহস্য তেনে ধাৰণা হয় বহু ক্ষেত্ৰত। 

বিশ্বায়ন বুলি ক'লে আমাৰ বহুতৰ ধাৰণা আছিল যে এই ব্যৱস্থাটোৱে সমগ্ৰ বিশ্বখনকে এখন গাঁও কৰিব বিচাৰিছে। সমগ্ৰ বিশ্বৰ মানুহক এখন গাৱঁৰ মানুহ কৰিব বিচাৰিছে। এক বিশ্ব ভাতৃত্ববোধৰ সৃষ্টি কৰিব বিচাৰিছে। দেশে দেশে জাতি সম্প্ৰদায়ৰ মাজত চলি থকা ভেদভাব নাইকিয়া হ'ব। সকলো ভাই ভাই হম। মিলাপ্ৰীতিৰে চলিম। গতিকে বিশ্বায়ন এক মানৱজাতিৰ বাবে বৰ ভাল কথা। 

♦ ড০ দীনেশ বৈশ্যৰ ধাৰাবাহিক বিশ্লেষণ

কিন্তু কথাবিলাক তেনেকুৱা হোৱা নাই। বিশ্বায়ন হৈছে, কিন্তু বিশ্ব ভাতৃত্ববোধ হোৱা নাই। সাম্ৰাজ্যবাদ ব্যৱস্থাৰ অৱসান ঘটা নাই। বৰং এক নতুন ধৰণৰ সাম্ৰাজ্যবাদ ব্যৱস্থা লাহে লাহে দৃঢ় হৈ উঠিছে। দেশ আক্ৰমণ কৰি দেশ জয় কৰিবলৈ যুদ্ধ কৰা নাই যদিও কিন্তু যুদ্ধ বন্ধ হোৱা নাই। দেশে দেশে যুদ্ধ হৈছে। গৃহযুদ্ধ হৈছে। মানুহৰ মৃত্যু হৈছে। বিশ্বৰ কতো শান্তি হোৱা নাই। বৰং অশান্তি বৃদ্ধি হৈছে। য'ত অশান্তি নাছিল তাতো অশান্তি হৈছে। হত্যা হৈছে, আত্মহত্যা হৈছে। একো ভাল হোৱা নাই। কিন্তু কিয়?

আমি বহুতেই নাজানো বিশ্বায়ন এক অৰ্থনৈতিক ব্যৱস্থা। নব্য উদাৰবাদী অৰ্থনীতি বিশ্বায়নৰ মূল মন্ত্ৰ। এই উদাৰবাদী অৰ্থনীতিৰ বান্ধোনেৰেই সমগ্ৰ বিশ্বত বান্ধি পেলাইছে বিশ্বায়নৰ প্ৰবক্তাসকলে। ১৯৪৪ চনত বিশ্বায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল বিশ্বৰ কেইবাখনো ধনী দেশে।

তেওঁলোকৰ দ্বাৰা ঘোষিত উদ্দেশ্য আছিল বিশ্বযুদ্ধত পৃথিৱীৰ বহু ক্ষতি হল। বহু দেশৰ অৰ্থনীতি বিধ্বস্ত হল। বহু দেশত বহু মানুহৰ মৃত্যু হল। এই ধ্বংস আৰু মৃত্যুৰ পৰা মানুহক উদ্ধাৰ কৰিবলৈ বিশ্বায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ল। এতিয়া বিশ্বৰ অৰ্থনৈতিক উন্নতিৰ বাবে সাৰ্বজনীন আঁচনি লোৱা হ'ব। দুখীয়া দেশৰ উন্নতি সাধন কৰা হ'ব। দুখীয়া দেশসমূহলৈ আন্তৰ্জাতিক সাহায্য আগবঢ়োৱা হ'ব। সকলো দেশ আগবাঢ়ি যাব।

১৯৯৫ চনত বিশ্বায়ন ব্যৱস্থাৰ সোণালী জয়ন্তী হ'ল। বিশ্বায়নৰ সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰা হ'ল। বিশ্বায়নৰ প্ৰৱৰ্তক দেশ সমূহৰ লগতে বিশ্বায়ন ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰা সকলো দেশৰ মূৰব্বীসকল, অৰ্থনীতিবিদসকল এই সোণালী জয়ন্তীত উপস্থিত হ'ল। এই সোণালী জয়ন্তী উৎসৱ আয়োজিত হৈছিল ছুইজাৰলেণ্ডৰ ডাভোছ নামৰ এক ভি আই পি ৰিজৰ্টত।

ডাভোছ বিশ্বৰ অন্যতম ধুনীয়া ঠাই, ধুনীয়া ৰিজৰ্ট। ডাভোছত আয়োজিত বিশ্বায়নৰ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠানৰ বাহিৰত ডাভোছ চহৰত সমগ্ৰ বিশ্বৰ পৰা অগণন প্ৰতিবাদকাৰী উপস্থিত হ'ল। তেওঁলোকে চিঞৰি চিঞৰি প্ৰতিবাদ কৰিলে। পঞ্চাশ বছৰ যথেষ্ট হৈছে। আৰু বিশ্বায়ন নালাগে। বিশ্বায়নৰ শক্তিসমূহে উন্নয়নৰ নামত দুখীয়া দেশ সমূহক শোষণ কৰিছে। এই শোষণ বন্ধ কৰিব লাগে। কিন্তু প্ৰতিবাদ প্ৰতিবাদ হৈয়েই থাকিল। বিশ্বায়ন প্ৰক্ৰিয়া বন্ধ নহ'ল।

(পৰৱৰ্তী খণ্ড প্ৰকাশ পাব অহা ৯ ছেপ্তেম্বৰত। তেতিয়ালৈ  visit কৰি থাকক newsnextone.com)