
ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কনৰাড চাংমাৰ নেতৃত্বাধীন নেছনেল পিপুলচ পাৰ্টী চমুকৈ এনপিপিৰ এখন নিৰ্বাচনী কাৰ্যালয় ডিফু-লামডিং পথত মঙলাবাৰে শুভ উদ্ধোধন কৰা হয়৷
আজি দুপৰীয়া ডিফু (জনজাতি) লোকসভা নিৰ্বাচনৰ বাবে এনপিপি প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব দিয়ি যুৱনেতা লিএন কচনে ফিতা কাটি নিৰ্বাচনী কাৰ্যালয়টি শুভ উদ্ধোধন কৰে৷ ইয়াৰ পিছত এনপিপিৰ পতাকা উত্তোলন কৰে জিলা সভাপতি চুকুৰচিং চিংনাৰে৷ ইয়াৰ পূৰ্বে প্ৰয়াত পূৰ্ণ এ চাংমাৰ সোঁৱৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷
ইয়াৰ পিছত নিৰ্বাচনী কাৰ্যালয়ৰ কক্ষতে এটি সভা অনুষ্ঠিত কৰি প্ৰাৰ্থী লিএন কচনে এনপিপিৰ নীতি-আদৰ্শৰ বিষয়ে বাখ্যা কৰি কয় যে এনপিপি সদায় সৰ্বাংগীন উন্নয়ণ আৰু পৰিবৰ্তনৰ বাবে কাম কৰি আহিছে৷ পাৰ্বত্য জিলাখনৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীৰ স্থায়ী সংস্থাপনৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এনপিপিৰ চিহ্ন কিতাপৰ ছবিত ভোটদান কৰি তেওঁক জয়ী কৰাবলৈ আহ্বান জনায়৷
তেওঁ ইয়াকো কয় যে কনৰাড চাংমাৰ আদৰ্শ আৰু নীতিৰ বাবে এটা সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এনপিপিৰ স্থান নিগাজি হৈ পৰিব৷ ইয়াৰোপৰি বিভিন্ন ব্যক্তিয়ে লিএন কচংৰ সমৰ্থনত মুল্যবান ভাষণ প্ৰদান কৰে৷ আনহাতে, এনপিপিৰ জিলা সাধাৰণ সম্পাদক হেমচং তিচ' উপস্থিত থকাৰ লগতে এনপিপিৰ প্ৰায় দুইশতাধিক কৰ্মী সমৰ্থকে অংশ গ্ৰহণ কৰে৷