কামপুৰঃ অসমীয়া জাতি, মাটিৰ সৈতে বাঁহৰ এক সু-সম্পৰ্ক আছে৷ অসমীয়া সভ্যতাৰ আৰম্ভণীৰ পৰাই আজি পৰ্যন্ত বাঁহ অসমীয়া জনজীৱনৰ এক এৰাব নোৱাৰা সম্পদ হৈ আছে৷ অসমীয়া জাতিৰ ঘৰ নিৰ্মাণৰ পৰা চহা জীৱনত ব্যৱহৃত প্ৰায় সকলোবোৰ সা-সামগ্ৰীয়েই বাঁহেৰে নিৰ্মাণ কৰা হৈছিল৷ মাছমৰীয়াৰ বাবে খালৈ, জাকৈ, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিচনী, জুহালৰ নিমখ থোৱা বাঁহৰ চুঙাটোৰ পৰা চালনী, ডলা, কুলা আদি এই সকলোবোৰ বাঁহেৰেই সাজি উলিওৱা হৈছিল৷
যুগৰ পৰিবৰ্তনৰ লগে লগে লাহে লাহে বাঁহৰ ব্যৱহাৰ কমি গ’ল যদিও পাছত বাঁহক সৌন্দৰ্যবৰ্ধক সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হ’ল৷ যেনে মহিলাৰ বাবে বাঁহৰ খাৰু, ডিঙিৰ অলংকাৰ, চুলিত মৰা ক্লিপ, পুৰুষৰ বাবে টুপি, চেন্দেল আদি সামগ্ৰী বাঁহেৰে নিৰ্মাণ কৰাত বাঁহ শিল্পৰ জনপ্ৰিয়তা বৰ্তি থাকিল৷ বাঁহেৰে নিৰ্মাণ কৰা কেতবোৰ সামগ্ৰী ঘৰুৱা সৌন্দৰ্য বা আভিজাত্য প্ৰদৰ্শনৰ বাবেও ব্যৱহাৰ কৰা হ’ল৷ যেনে বাঁহৰ ফুলদানী, বাঁহৰ চৰাই আদি৷