
ভাৰতৰ টেলিকম আৰু ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰখনত এতিয়া সূচনা হৈছে এক নতুন অধ্যায়ৰ। ভাৰতীয় টেলিকম বজাৰৰ দুই সম্ৰাট ৰিলায়েঞ্চ জিঅ’ আৰু ভাৰতী এয়াৰটেলৰ সৈতে হাত মিলাই ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱা মুকলিৰ বাবে সাজু হৈছে ইলন মাস্কৰ কোম্পানী স্পেচএক্স।
এই ষ্টাৰলিংক হৈছে এক উপগ্ৰহ-ভিত্তিক ইন্টাৰনেট সেৱা, যি ভাৰতৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ উচ্চ গতিসম্পন্ন ইন্টাৰনেট সেৱা আগবঢ়াব পাৰে। এই সেৱাই ভাৰতৰ ইন্টাৰনেট পৰিস্থিতিৰ পৰিৱৰ্তন আনিব পাৰিব বুলি আশা কৰা হৈছে।
ষ্টাৰলিংক আৰু ইয়াৰ পৰিকল্পনা
ষ্টাৰলিংক হৈছে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ দ্বাৰা পৰিচালিত এক উপগ্ৰহ-ভিত্তিক ইন্টাৰনেট সেৱা। ইয়াৰ সহায়ত উপগ্ৰহৰ কভাৰেজ থকা যিকোনো ঠাইতে ইন্টাৰনেট সেৱা প্ৰদান কৰিব পাৰি। বৰ্তমান ইয়াৰ সেৱা বিশ্বৰ ১০০তকৈও অধিক দেশত উপলব্ধ। ভাৰতৰ চুবুৰীয়া দেশ ভূটানতো উপলব্ধ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা।
কিন্তু ভাৰতত এতিয়ালৈকে ষ্টাৰলিংকে নিয়ামকৰ অনুমোদন পোৱা নাই, আৰু ইয়াৰ লগত জড়িত কিছুমান সুৰক্ষা সম্পৰ্কীয় চিন্তাও আছে। যদিহে ইয়াক অনুমোদন দিয়া হয়, তেন্তে ভাৰতৰ ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰখনত এক ডাঙৰ পৰিৱৰ্তন আহিব।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানী আৰু ভাৰতী এয়াৰটেলৰ চেয়াৰমেন সুনীল মিট্টালে উপগ্ৰহ স্পেক্ট্ৰামৰ বিতৰণ প্ৰশাসনিকভাৱে নকৰি নিলামৰ জৰিয়তে কৰাৰ পক্ষত হৈ আহিছে। কিন্তু ইলন মাস্ক নিলাম মডেলৰ সমালোচক। সুনীল মিট্টালে কয় যে চহৰৰ লোকক ইন্টাৰনেট সেৱা প্ৰদান কৰিবলৈ ইচ্ছুক কোম্পানীসমূহে আন কোম্পানীৰ দৰে টেলিকম লাইচেন্স ল’ব লাগে আৰু স্পেক্ট্ৰাম কিনিব লাগে। উল্লেখ্য যে, মিট্টাল আৰু আম্বানীয়ে ভাৰতৰ টেলিকম বজাৰৰ ৮০% নিয়ন্ত্ৰণ কৰে।
ষ্টাৰলিংকে কেনেকৈ কাম কৰে আৰু ইয়াৰ সেৱা কেনেকৈ ল’ব পাৰি?
পৰম্পৰাগত ব্ৰডবেণ্ড সেৱাসমূহ ভূগৰ্ভস্থ ফাইবাৰ কেবল আৰু চেলুলাৰ টাৱাৰৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, ষ্টাৰলিংকে ‘ল’ আৰ্থ অৰ্বিট’ (এলইঅ’) উপগ্ৰহৰ জৰিয়তে ইন্টাৰনেট একচেছ প্ৰদান কৰে। উপগ্ৰহৰ সংকেত ভূপৃষ্ঠত থকা ৰিচিভাৰলৈ প্ৰেৰণ কৰা হয় আৰু ইয়াক ইন্টাৰনেট ডাটালৈ ৰূপান্তৰিত কৰা হয়।
ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ বৰ্তমান অৰ্বিটত প্ৰায় ৭০০০ উপগ্ৰহ আছে আৰু ইয়াৰ ১০০ খন দেশত ৪০ লাখ গ্ৰাহক আছে। মাস্কে কৈছে যে প্ৰতি পাঁচ বছৰত নতুন প্ৰযুক্তিৰে ইয়াৰ নেটৱৰ্ক আপগ্ৰেড কৰা হ’ব।
২০২১ চনতেই মাস্কে ভাৰতত সেৱা আৰম্ভ কৰিব বিচাৰিছিল, কিন্তু নিয়ম-কানুনৰ জটিলতাৰ বাবে পলম হয়। ষ্টাৰলিংকৰ সেৱা ল’বলৈ গ্ৰাহকৰ ষ্টাৰলিংক ডিছ আৰু ৰাউটাৰৰ প্ৰয়োজন হ’ব, যি পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহৰ সৈতে সংযোগ স্থাপন কৰিব। এই ডিছে স্বয়ংক্ৰিয়ভাৱে ওচৰৰ ষ্টাৰলিংক উপগ্ৰহৰ সৈতে সংযোগ স্থাপন কৰিব আৰু কোনো বাধা-বিঘিনি নোহোৱাকৈ কানেক্টিভিটি প্ৰদান কৰিব। যদিও ষ্টাৰলিংক স্থায়ী ঠাইত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে, তথাপি এই নেটৱৰ্ক সেৱা চলন্ত বাহন, নাও আৰু বিমানতো ব্যৱহাৰ কৰিব পাৰি।
ষ্টাৰলিংকৰ স্পিড কিমান হ’ব?
এলইঅ’ উপগ্ৰহই কম লেটেন্সি (২৫ৰ পৰা ৬০ মিলিছেকেণ্ড)ৰে কাম কৰে, আনহাতে পৰম্পৰাগত জিঅষ্টেশ্যনাৰী উপগ্ৰহ ইন্টাৰনেটে ৬০০ মিলিছেকেণ্ডতকৈও অধিক সময় লয়। এই দ্ৰুত গতিয়ে ষ্টাৰলিংকক ভিডিঅ’ কনফাৰেন্সিং, অনলাইন গেমিং আৰু এইচডি ষ্ট্ৰিমিংৰ বাবে অধিক উপযোগী কৰি তোলে।
যদিও জিঅ’ ফাইবাৰ আৰু এয়াৰটেল এক্সট্ৰিমৰ দৰে পৰম্পৰাগত ফাইবাৰ-ভিত্তিক ব্ৰডবেণ্ডে চহৰ অঞ্চলত ভাল গতি প্ৰদান কৰে, কিন্তু ফাইবাৰ সংযোগ বা সেৱা নথকা ভাৰতৰ গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহৰ বাবে অধিক সুবিধাজনক হ’ব পাৰে ষ্টাৰলিংক।
ষ্টাৰলিংক ইন্টাৰনেট সেৱাৰ মূল্য কিমান হ’ব?
বৰ্তমান ভাৰতত ষ্টাৰলিংকৰ প্লেন লঞ্চ হোৱা নাই। কিন্তু ভূটানত উপলব্ধ সেৱাৰ মূল্যৰ পৰা ইয়াৰ মূল্যৰ বিষয়ে অনুমান কৰিব পাৰি। ভূটানত ৰেচিডেন্সিয়েল লাইট প্লেনৰ মূল্য হৈছে প্ৰতি মাহে ৩০০০ নংট্ৰুম। লক্ষণীয় যে, ভূটান আৰু ভাৰতৰ মুদ্ৰাৰ পৰিমাণ প্ৰায় একেই হোৱাৰ পৰিপ্ৰেক্ষিতত এই সেৱা ভাৰতৰ বাবেও প্ৰায় ৩ হাজাৰ টকাত উপলব্ধ হ’ব বুলি অনুমান কৰিব পাৰি।
আনহাতে ষ্টাৰলিংক ইণ্টাৰনেটৰ স্পিড ২৩ এমবিপিএছৰ পৰা ১০০ এমবিপিএছৰ ভিতৰত থাকে, যি ব্ৰাউজিং, চ’চিয়েল মিডিয়া আৰু ভিডিঅ’ ষ্ট্ৰিমিংৰ বাবে উপযোগী। ইফালে, ভূটানত ২৫ এমবিপিএছৰ পৰা ১১০ এমবিপিএছৰ ৰেচিডেন্সিয়েল প্লেনৰ মূল্য হৈছে ৪২০০ নংট্ৰুম (প্ৰায় ৪২০০ টকা)। টেলিকম বজাৰৰ বিশেষজ্ঞসকলৰ মতে, ভাৰতত ষ্টাৰলিংকৰ সেৱাৰ মূল্য ৩৫০০ৰ পৰা ৪৫০০ টকাৰ ভিতৰত হ’ব পাৰে। অৱশ্যে ভাৰতত ৰিলায়েন্স জিঅ’ আৰু ভাৰতী এয়াৰটেলৰ সৈতে হোৱা চুক্তিৰ পৰিপ্ৰেক্ষিতত ষ্টাৰলিংক সেৱাৰ মূল্য কমও হ’ব পাৰে।
বিশেষজ্ঞসকলৰ মতামত
কনচাল্টিং কোম্পানী ইৱাই পাৰ্থেননৰ মতে, ভাৰতৰ ১৪০ কোটি লোকৰ ভিতৰত প্ৰায় ৪০ শতাংশ লোকৰ হাতত এতিয়াও ইন্টাৰনেট উপলব্ধ নহয়, আৰু এনে লোকৰ বেছিভাগেই গ্ৰাম্য অঞ্চলৰ। চীনত প্ৰায় ১.০৯ বিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰী আছে, আনহাতে ভাৰতত ৭৫ কোটিৰো অধিক ইন্টাৰনেট ব্যৱহাৰকাৰী আছে। ভাৰতত ইন্টাৰনেট গ্ৰহণৰ হাৰ বিশ্বৰ গড়তকৈ পিছপৰা, বৰ্তমান ই ৬৬.২ শতাংশ। কিন্তু সাম্প্ৰতিক অধ্যয়নসমূহে দেখুৱাইছে যে ভাৰতে এই ব্যৱধান কমাই আনিছে। যদি মূল্য সঠিকভাৱে নিৰ্ধাৰণ কৰা হয়, তেন্তে উপগ্ৰহ ব্ৰডবেণ্ডে এই ব্যৱধান কমোৱাত সহায় কৰিব পাৰে।
ইণ্টাৰনেট অফ থিংছৰ ক্ষেত্ৰতো ই সহায়ক হ’ব পাৰে, যি এনে এক নেটৱৰ্ক যি দৈনন্দিন ব্যৱহাৰৰ বস্তুবোৰক ইন্টাৰনেটৰ সৈতে সংযোগ কৰে আৰু ইহঁতক পৰস্পৰৰ সৈতে কথা পাতিবলৈ সুবিধা প্ৰদান কৰে। টেকনিকেল বিশ্লেষক প্ৰশান্ত ৰায়ে কয় যে ভাৰতীয় অপাৰেটৰসকলৰ সৈতে মূল্যৰ এই যুদ্ধক কোনোৱে ৰোধ কৰিব নোৱাৰে। মাস্কৰ হাতত যথেষ্ট ধন আছে, আৰু তেওঁ ভাৰতৰ ঘৰুৱা বজাৰত নিজৰ স্থান সুদৃঢ় কৰিবলৈ কিছুমান অঞ্চলত বিনামূলীয়া সেৱাও আগবঢ়াব পাৰে। ষ্টাৰলিংকে ইতিমধ্যে কেনিয়া আৰু দক্ষিণ আফ্ৰিকাত মূল্য হ্ৰাস কৰিছে।
তথাপিও, এয়া সহজ নহ’বও পাৰে। ২০২৩ চনৰ এক ৰিপ'ৰ্টত ইৱাই পাৰ্থেননে উল্লেখ কৰিছে যে চৰকাৰী ভঁৰালৰ সহায় নোহোৱাকৈ ষ্টাৰলিংকৰ উচ্চ খৰচে ভাৰতীয় ব্ৰডবেণ্ড কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতা কৰাটো কঠিন কৰি তুলিব পাৰে, কিয়নো ষ্টাৰলিংকৰ খৰচ ভাৰতীয় কোম্পানীসমূহতকৈ প্ৰায় ১০ গুণ বেছি। গ্ল’বেল কভাৰেজ প্ৰদান কৰিবলৈ এল ই অ’ উপগ্ৰহৰ তুলনাত বহুতো অধিক জি ই অ’ উপগ্ৰহৰ প্ৰয়োজন হয়, যি লঞ্চ আৰু ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি কৰে।
কিন্তু তাৰ মাজতে, ষ্টাৰলিংকৰ আগমনে ভাৰতৰ ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। বিশেষকৈ গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহত ই এক বিপ্লৱৰ সূচনা কৰিব পাৰে। কিন্তু ইয়াৰ সফলতা বহুপৰিমাণে নিৰ্ভৰ কৰিব মূল্য, সুৰক্ষা আৰু নিয়ম-কানুনৰ ওপৰত। যদি এনে চৰ্তসমূহ সঠিকভাৱে পূৰণ কৰিব পাৰি, তেন্তে ষ্টাৰলিংকে ভাৰতক এক নতুন ডিজিটেল যুগৰ পাতনি ঘটাব।