ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ চৰকাৰে ভাঙি দিছে এতিয়া কি কৰিম৷ আমি এনেকৈয়ে পৰীক্ষা দিব লাগিব৷ মঙলবাৰে পুৱাই পৰীক্ষা দিবলৈ অহা এগৰাকী কণমানি ছাত্ৰীৰ ভাষ্য আছিল এয়া৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে স্কুল গৃহত বহি পৰীক্ষা দিব যদিও তেওঁলোকৰ স্কুল গৃহ নাই৷ তেওঁলোকৰ স্কুল খন চৰকাৰ নামৰ যন্ত্ৰটোৱে হাতী, অক্সেভেটেৰে ভাঙি পেলাইছে৷

কিয়নো তেওলোকে অপৰাধ কৰিছিল৷ তেওলোকৰ চৰকাৰৰ মাটিত গঢ়া স্কুলত পঢ়িছিল৷ চৰকাৰক মাটি উভতাই লাগে বাবেই তেওলোকৰ বিদ্যালয় গৃহ ভাঙি দিয়া হল৷ তেওলোকৰ সপোন ভাঙি দিয়া হ’ল৷ দৰিদ্ৰ শ্ৰমিক খাটিখোৱা মানুহৰ বাবে চৰকাৰৰ ঘৰৰ এটুকুৰা মাটিৰ মূল্য অনেক৷ কিয়নো তেওলোকে ৰাজনৈতিক দলবোৰক নিৰ্বাচনৰ সময়ত টকা দিব নোৱাৰে৷

তেওলোকে নেতাবোৰক তৈল মৰ্দন কৰিব নাজানে৷ তেওলোকে জানে কেৱল কপালৰ ঘাম মাটিত পেলাই কাম কৰিব আৰু সংসাৰ চলাব৷ যাৰ বাবে তেওলোকে দখল কৰি থকা মাটি চৰকাৰক লাগিবই৷ যি কোনো বিনিময়ত নিব চৰকাৰে তেওলোকৰ ভূমি৷ কিয়নো তেওলোকে পূজিপতি নহয়৷ তেওঁলোকৰ সন্তানে পঢ়িলে পঢ়ক নপঢ়িলে নাই তাত চৰকাৰৰ কি আহে কি যায়৷

চৰকাৰ চলাই থকা লোকসকলৰ সন্তান দেশ-বিদেশৰ নামী-দামী বিদ্যালয়ত পঢ়ি আছে৷ দৰিদ্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি কৰিব কি? তেনেই মনোভাৱেৰে ৰাজ্য চৰকাৰৰ বন বিভাগে ভাঙি দিছিল মহানগৰীৰ পাঞ্জাবাৰীৰ জনশিমলু উচ্চ ইংৰাজী বিদ্যালয় খন৷ মঙলবাৰে পুৱাৰে পৰা বিদ্যালয় খনলৈ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ আহে৷ স্থানীয় ৰাইজ, দল সংগঠনৰ সযোগত তম্বু টানি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিয়ে৷

তম্বুৰ তলতে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহা দৃশ্যই প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আবেগিক হৈ পৰিছিল৷ ছাত্ৰ জীৱনৰ জখলা স্বৰূপ পৰীক্ষা দিবলৈ আহিছে তেওলোকে৷ কিন্তু তেওলোকৰ সপোনৰ স্কুল খনৰ গৃহটো নাই৷ নাই ওচৰ পাজৰৰ ঘৰ বোৰ৷ নাই ওচৰ পাজৰৰ গছ-গছনিবোৰ৷ চৌদিশে যেন ভগ্নাৱশেষ৷ পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ সপোন দেখা ছাত্ৰ-ছাত্ৰীসকলৰ স্কুল গৃহটো নাই যদিও তেওলোকে সৎ সাহস লৈ তম্বুৰ তলত বহিছে পৰীক্ষা দিবলৈ৷

স্কুলৰ প্ৰধান শিক্ষকৰ বাবেও তম্বু টানি সাজি দিয়া হৈছে এটি গৃহ৷ সময়মতে প্ৰশ্ন কাকত আহি পোৱাৰ পিছতে পৰীক্ষা অনুষ্ঠিত হয়৷ যোৱা ০১ ডিচেম্বৰত ভগ্নাৱশেষতে ত্ৰিপাল তথা তম্বু টানি চৰকাৰে ভাঙি দিয়া বিদ্যালয়ত আৰম্ভ হৈছিল পাঠদান৷ ৰাজ্যৰ বন বিভাগে উচ্ছেদৰ নামত এখন শিক্ষানুষ্ঠানক মুহূৰ্ততে হাতী, এক্সভেটেৰৰে ভাঙি পেলাইছিল পাঞ্জাবাৰীৰ জনশিমলু উচ্চ ইংৰাজী বিদ্যালয় খন৷ ডেস্ক, বেঞ্চ, টেবুল চকী একো উলিয়াবৰ সময় নিদিলে বন বিভাগে৷

ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান, কাকুতি, মিনতিক গুৰুত্ব প্ৰদান নকৰি বৰ্বৰ ভাবে ভাঙি পেলাইছিল স্কুল খন৷ পুৱাই ভগ্নাৱশেষৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় গৃহ অবিহনে পৰীক্ষাত বহে৷ স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানৰ লোকৰ সহায় সহযোগত পুনৰাই পাঠদান আৰম্ভ কৰাৰ লগতে মঙলবাৰে পৰীক্ষাও অনুষ্ঠিত হয়৷ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ বিশেষ সহায়ত বাঁহৰ খুঁটা পুটি কেই খন মান ত্ৰিপাল টানি ছাত্ৰ-ছাত্ৰীক বহিবৰ বাবে ব্যৱস্থা কৰি দিয়ে৷

মঙলবাৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ ইউনিফৰ্ম পিন্ধি আহি আবেগিক পৰিবেশত পৰীক্ষাত বহে৷ আমচাঙত উচ্ছেদৰ নামত চৰকাৰে ভাঙি দিছিল পাঞ্জাবাৰীৰ জনশিমলু উচ্চ ইংৰাজী বিদ্যালয় খন৷ ৩০ নৱেম্বৰত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল পাঞ্জাবাৰীৰ জনশিমলু স্কুলৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে৷ বন বিভাগে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান চলোৱাৰ নামত ছাত্ৰ-ছাত্ৰীৰ সপোনাৰ-আদৰৰ স্কুল খন ভাঙি পেলোৱাত যোৱা ১০ দিনে শোকবিহ্বল হৈ পৰি চৰকাৰক আহ্বান জনাই সহাৰি নাপায় অৱশেষত ৰাইজ-সংগঠনে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ত্ৰিপাল টানি  ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ লগতে পৰীক্ষাত বহাৰ ব্যৱস্থা কৰি দিয়ে৷

ছাত্ৰ-ছাত্ৰীক কিতাপ-পত্ৰ, ডেস্ক, বেঞ্চ উলিয়াবৰ বাবে সময় নিদিলে প্ৰশাসনে৷ কাতৰ আহ্বানক নেওচি প্ৰশাসনে বিদ্যালয় খন ভাঙি পেলায়৷ তাৰ পিছৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সংবাদ মাধ্যমে এই খবৰক গুৰুত্ব প্ৰদান কৰে৷ পৰীক্ষাৰ পূৰ্বে এখন বিদ্যালয় ভাঙি পেলোৱা কাণ্ডত কোনেও সহজ ভাবে লোৱা নাই৷ বিভিন্ন পক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ চকলো প্ৰত্যক্ষ কৰি সহায় কৰিবলৈও ওলাই আহে৷ তাৰ মাজতে শীঘ্ৰে স্কুল গৃহ নিৰ্মাণ কৰাৰ লগতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সুবিধা কৰি দিয়াৰ আশ্বাস দিছিল জিলা পৰ্শাসনে৷ কিন্তু সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷

প্ৰশাসনৰ কোনো লোক দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ খবৰ লবলৈ নাহিল৷ ছাত্ৰ-ছাত্ৰীৰে ভৰা প্ৰায় ২৫ বছৰ পুৰনি স্বীকৃতি প্ৰাপ্ত এখন দুখীয়া মানুহৰ ল'ৰা-ছোৱালীয়ে অধ্যায়ন কৰা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় নিজ ৰাজ্যৰেই চৰকাৰে এক্সেভেটৰ হাতী আৰু পুলিচ বাহিনী প্ৰয়োগ কৰি অতি বৰ্বৰতাৰে ধংস কৰে। নিজ দেশৰেই চৰকাৰে নিজ দেশৰেই শিক্ষানুষ্ঠান ধংস কৰা এনেকুৱা ঘটনা হয়তো সমগ্ৰ পৃথিৱীতেই বিৰল। বিশ্বৰ ইতিহাসত অসমৰ দৰে পিচপৰা ৰাজ্য এখনক এনেকুৱা ঘটনা চৰ্চালৈ অনাৰ ফলত জাতি মাটি আৰু ভেটিৰ চৰকাৰখনৰ লগতে সোনৰ অসম গঢ়িবলৈ ককাঁলত টঙালি বন্ধা লোকসকলৰ ভেটিত একপ্ৰকাৰ কপনি উঠে৷