09
May
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/facebook-outage.jpg?itok=oeV8PM5N)
ডিজিটেল ডেস্কঃ বন্ধুত্ব গঢ়াৰ সহজ প্লেটফৰ্মে বিপদ মাতিলে ব্যৱসায়লৈ৷ ফেচবুকৰ জৰিয়তে অধিক টকা ঘটাৰ লোভত ১.৮ কোটি টকা হেৰুৱালে মুম্বাইৰ এজন ব্যৱসায়ীয়ে ৷ কাকা নামৰ এই ব্যৱসায়ীজনৰ লগত ২০০৬ তে বন্ধুত্ব হৈছিল ভিক্টোৰিয়া কেট নামৰ ব্যক্তিজনৰ লগত৷
ফেচবুকত নিজকে গুড হেলথ ফাৰ্মাচিউটিকেলচৰ সঞ্চালক বুলি পৰিচয় দিছিল ব্যক্তিজনে৷ লাহে লাহে এই বন্ধুত্ব পৰিৱৰ্তিত হৈছিল ব্যৱসায়িক অংশদাৰিত্বলৈ৷ বাদামৰ এই ব্যৱসায়ৰ বাবেই কাকাই কেটৰৰ পৰামৰ্শ অনুসৰি সন্দীপ নামৰ লোকজনক দিছিল ১ কোটি টকা৷
কিন্তু টকা পায়েই ফেচবুকৰ পৰা নোহোৱা হৈছিল ভিক্টৰ৷ অৱশেষত বিষয়টো সন্দৰ্ভত চাইবাৰ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ব্যৱসায়জনে৷