![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/assam4_091314120329.jpg?itok=JwOPNfpz)
নগাঁওঃ ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰ কৃষিজীৱি লোকসকলেও বিভিন্ন সমস্যাৰে মোকাবিলা কৰি প্ৰতি বছৰে কৃষি-কাৰ্য সম্পাদন কৰি আহিছে যদিও লক্ষণীয়ভাৱে পাবলৈ সক্ষম হোৱা নাই শ্ৰমৰ প্ৰকৃত মূল্য ৷যাৰ পৰিণতিত নগঞা দৰিদ্ৰ কৃষকসকল হতাশাগ্ৰস্ত হৈ পৰিছে ৷ ঘাইকৈ এইসকল কৃষকে আন খেতিৰ তুলনাত প্ৰতি বছৰে বহু কষ্টৰে প্ৰচুৰ পৰিমাণে ধান খেতিত মনোনিবেশ কৰি পৰিয়াল পোহ-পাল দি আহিছে ৷
কিন্তু খেতি সামৰাৰ অন্তত বজাৰত ধানৰ উচিত দৰ নোপোৱাত এই কৃষকসকলে চকুয়ে ধোৱা-কুৱা দেখিছে ৷ জিলাখনৰ অঞ্চল বিশেষে এচাম কষ্টসহিষ্ণু কৃষকৰ লগত এই সন্দৰ্ভত মত বিনিময় কৰাত তেওঁলোকে অধিক পৰিশ্ৰম কৰি পৰম আশাৰে গাঁঠিৰ ধন খৰছ কৰাৰ পিছতো উচিৎ মূল্যৰ পৰা বাৰে বাৰে বঞ্চিত হৈ অহাৰ হেতু অনিচ্ছা সত্ত্বেও এইচাম কৃষকৰ মনলৈ কৃষি-কৰ্মৰ প্ৰতি সম্প্ৰতি অনীহা ভাৱ আহি পৰা বুলি মত প্ৰকাশ কৰিছে৷
তেওঁলোকৰ মতে,এবিঘা কৃষিভূমিত ধান খেতি কৰিবলৈ যাওঁতে ট্ৰেক্টৰেৰে মাটি চহোৱা, মৈ দিয়া, ৰোৱনী-দাৱনী আৰু সাৰ, বীজ, কীটনাশককে ধৰি আন আনুষংগিক কামৰ বাবে প্ৰায় ৪ হাজাৰ টকা খৰছ হয় ৷ কিন্তু বজাৰত সম্প্ৰতি যিহেতু ধানৰ মূল্য যথেষ্ট পৰিমাণে কম, সেয়ে মাটিডৰাত লাভ কৰা ধানৰ মূল্যৰ বেলিকা অধিক তাৰতম্য হোৱা দেখিবলৈ পোৱা যায় ৷
কিয়নো, এবিঘা মাটিত যদি গড় হিচাপত ১০ মোন পৰ্যন্ত ধান পোৱা যায়, তেন্তে আজিৰ তাৰিখত চলি থকা বজাৰ দৰ হিচাপত প্ৰতি মোন ধানৰ মূল্য ৩৫০ টকা হ’লেও হাড় ভগা পৰিশ্ৰমৰ অন্তত বিঘাই প্ৰতি লাভৰ পৰিৱৰ্তে লোকচান হয় প্ৰায় ৫ শ টকা ৷ ইফালে, ধান মিলত বনাৰ পিছত এমোন ধানত প্ৰায় ২২ কেজি চাউল পোৱা যায় যদিও পশ্চিমবংগৰ পৰা আমদানিকৃত চাউলে ৰাজ্যৰ বজাৰ ছানি ধৰাত থলুৱাভাৱে উৎপাদিত চাউলৰ বিক্ৰীৰ ক্ষেত্ৰত বহুতো অসুবিধাই দেখা দিয়ে ৷
ধানৰ পৰা চাউল কৰি উলিওৱাৰ ক্ষেত্ৰতো খৰছৰ কথা আহি পৰে ৷ গতিকে পশ্চিমবংগৰ পৰা অহা চাউলৰ মূল্য প্ৰতি কেজিত ২৫ টকা হ’লেও আমাৰ থলুৱা চাউলৰ ক্ষেত্ৰত যথেষ্ট তাৰতম্য আহি পৰে ৷তদুপৰি বৰ্তমান চলি থকা তিনিটকীয়া চাউলৰ চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাই দৰিদ্ৰ ৰাইজক সকাহ দিলেও এই কৃষকসকলক হ’লে একপ্ৰকাৰে মাধমাৰহে শোধাইছে ৷
কাজেই, কৃষিৰ ওপৰত চৰকাৰে গুৰুত্ব নিদিলে আৰু কৃষিজাত সামগ্ৰীৰ দাম নিৰ্দ্ধাৰণ নকৰিলে সদায় প্ৰকৃত কৃষকসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহাৰ বিপৰীতে এচাম মধ্যভোগীহে উপকৃত হৈ থাকিব বুলি নগঞা চিন্তাশীল মহলে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে।