![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/d75ec07a-f8ca-4304-bce4-43e605d670dc.jpg?itok=VSmqUi_Y)
ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে পঞ্জাব বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়ৰ চৌহদত নামভৰ্তিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শনকাৰী ৫২ জন ছাত্ৰক আৰক্ষীয়ে আটক কৰাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
প্ৰকাশিত বাতৰি মতে, মঙলবাৰে এনএছইউআই, পাঞ্জাৱ ইউনিভাৰ্ছিটি ষ্টুডেণ্টছ ইউনিয়নেকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনে মাচুল বৃদ্ধিৰ প্ৰতিবাদত যৌথভাৱে বিশ্ববিদ্যালয় বন্ধৰ আহ্বান জনাইছিল৷ উপাচাৰ্য অৰুণ কুমাৰ গ্ৰোভাৰৰ সৈতে মাচুল বৃদ্ধিৰ বিষয়টো লৈ আলোচনাৰ দাবী কৰা ছাত্ৰ-ছাত্ৰীসকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ সঁহাৰি নিদিয়াৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে।
প্ৰতিবাদ ৰোধ কৰিবলৈ বিশ্ববিদ্যালয়খনত মোতায়েন কৰা হয় আৰক্ষীৰ এটা বৃহৎ দল। আৰক্ষীৰ দলটোৱে ছাত্ৰ-ছাত্ৰীসকলক বাধা দিবলৈ যাওঁতে দুয়োপক্ষৰ মাজত খণ্ডযুদ্ধৰ সূত্ৰপাত হয়। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকল অধিক উত্তেজিত হৈ পৰাত আৰক্ষীয়ে লাঠি চাৰ্জ আৰম্ভ কৰে৷
আৰক্ষীৰ লাঠি ছাৰ্জৰ পিছতে আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। আনকি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাও দেখা যায়। ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হৈ পৰে আৰক্ষী।
আৰক্ষীৰ লাঠী চাৰ্জৰ ফলত কেইবাজনো সাংবাদিকো কম-বেছি পৰিমাণে আহত হয়৷ এনে কাৰ্যত ক্ষুণ্ণ হৈ লাঠী চাৰ্জৰ লগত জড়িত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে স্থানীয় সাংবাদিক সন্থাই৷
উল্লেখ্য যে যোৱা দেওবাৰে বিশ্ববিদ্যালয়খনে সকলো বিষয়তে মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে ক্ষোভিত হৈ পৰিছিল শিক্ষাৰ্থীসকল৷ জানিব পৰা মতে, ২০১৭-১৮ শিক্ষাবৰ্ষত কেইবাটাও বিষয়ৰ মাছুল অত্যাধিকভাৱে বৃদ্ধি কৰিছে বিশ্ববিদ্যালয়খনে৷ উক্ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ কৰিবলৈকে দাবী জনাই আহিছিল শিক্ষৰ্থীসকলে। কিন্তু দাবী মানি নোলোৱাৰ পৰিপ্ৰেক্ষিততে মঙলবাৰে এনেদৰে উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয় চৌহদ।