![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ec519329-9cff-47fb-a401-bfcf16c76f14.jpg?itok=Gi3lfaBc)
গুৱাহাটীঃ অসমৰ চলচ্চিত্ৰ ইতিহাসত স্বৰ্ণকমল কঢ়িয়াই অনা প্ৰযোজক শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ অধীনত পূৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমত নিৰ্মিত অসমীয়া, বড়ো, ৰাভা, কাৰ্বি, মিচিং, ৰাজবংশী আদি সকলো থলুৱা ভাষাৰ চলচ্চিত্ৰই যোগদান কৰিব পাৰিব।
আজি গুৱাহাটী প্ৰেচ ক্লাবত শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টে এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিযোগিতা খনৰ বিষয়ে জানিবলৈ দিয়ে। চলচ্চিত্ৰ সমূহ ২০১৬ চনৰ ১ জানুৱাৰী পৰা ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত চেন্সৰ বৰ্ডৰ চাৰ্টিফিকেট প্ৰাপ্ত হ'ব লাগিব। ইচ্ছুক প্ৰতিযোগীয়ে প্ৰ-পত্ৰসহ ব্লুৰে নাইবা ডিভিডি ব্যক্তিগতভাবে বা ডাকযোগে ১৫ নবেম্বৰ, ২০১৭ ৰ ভিতৰত জমা দিব পাৰিব।
উল্লেখনীয় যে, যোৱাটো বৰ্ষত হৈ যোৱা প্ৰতিযোগিতা খনত ৪ টা শিতানত হে পুৰস্কাৰ দিয়া হৈছিল, কিন্তু এই বাৰ ৬ টা শিতানত পুৰস্কাৰ প্ৰদান কৰা হব। শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ টেকনিচিয়ান, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সংগীত।
আজি সংবাদ মেল খনত উপস্থিত আছিল মেমৰিয়েল ট্ৰাষ্টৰ সভাপতি মৃন্ময় বৰুৱা, সম্পাদক ৰঞ্জিত দাস, মুনিন বৰুৱা আৰু বিশিষ্ট সাংবাদিক মনোৰম গগৈ।