![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/21360163-68f0-4d40-b671-2a3526044a0c.jpg?itok=tYUwg7d2)
গুৱাহাটীঃ ঘৰতে বহি সহজতে বজাৰ কৰিবপৰা প্ৰক্ৰিয়াটোৱেই হৈছে অনলাইন শ্বপিং৷ কেতিয়াবা অ’ফাৰ, মুঠৰ ওপৰত মানুহৰ প্ৰত্যকটো আৱ্যশকীয় সামগ্ৰী লাভ কৰিব পৰা এনেধৰণৰ এপছত৷ এমেজন, হ’ম শ্বপ ১৮ দৰে বিভিন্ন ধৰণৰ এপছ আছে য’ত নেকি মানুহবোৰ বৰ্তমান বাহিৰত বজাৰ কৰিবলৈ এলাহ কৰি ঘৰত বহিয়েই সহজতে লাভ কৰিব বিচাৰে৷
কিন্তু কিছু গ্ৰাহকে এনেধৰণৰ এপছৰপৰা ঠগন নোখোৱাও নহয়৷ এনেধৰণৰ ঘটনা সংঘটিত হয় মুকালমুৱাত৷
দৰাচলতে বৰক্ষেত্ৰীৰ দৌলাশালৰ এজন যুৱকে ফ্লিপকাৰ্ট নামৰ অনলাইন এপত Nikon D5300 মডেলৰ ৪১৯৯০ টকা দামৰ কেমেৰা অৰ্ডাৰ দিছিল৷ যুৱকজনে অনলাইন শ্বপিঙত দিয়া মুকালমুৱাৰ ঠিকনাত কেমেৰাৰ ডেলিভেৰি লৈ আহে এজন ডেলিভাৰি বয়য়ে৷
যুৱকজনে কেমেৰাটো লৈ পিছত খুলি চাই আচৰিত হৈ পৰে৷ বাকচত মেৰিয়াই কেমেৰাৰ সলনি শিলহে আছিল৷ এই বিষয়ে স্থানীয় সংবাদিকক জনোৱাৰ পিছত উক্ত বিষয়টি পোহৰলৈ আহে৷ এনেদৰে অনলাইন শ্বপিঙত গ্ৰাহক সকলক ৰাম ঠগন দি অহা কোম্পানী সমূহৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব সেইটোহে এতিয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে৷