newsnextone.com | ডিজিটেল ডেস্কঃ ভয়াবহ বানৰ কৱলত পৰিছে চুবুৰীয়া দেশ শ্ৰীলংকা৷ যোৱা কেইবাটাও দিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত কেইবাখনো প্ৰদেশ ভয়াবহ বানৰ কৱলত পৰাত দেশখনৰ হাজাৰ হাজৰ লোক গৃহহাৰা হোৱাৰ খবৰ আহিছে৷ 

যোৱা এসপ্তাহে দি থকা বৰষুণৰ ফলত হোৱা বানে ভয়ংকৰ পৰিস্থিত সৃষ্টি কৰে আৰু এতিয়ালৈ ২১ গৰাকী লোকৰ মৃত্যু হয়৷ কেইবাগাৰকী লোক নিৰুদ্দেশ হোৱা বুলি খবৰ আহিছে৷ অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷

চৰকাৰৰ মুখপাত্ৰৰ খবৰ মতে, বান লগতে বজ্ৰপাত পৰিও কেইবাগাৰকী লোকৰ মৃত্যু হয়৷ শ্ৰীলংকাৰ দুৰ্যোগ প্ৰশমন মন্ত্ৰী দুমিন্দা দিচানায়কে জনোৱা মতে, ২৫ খন জিলা পানীৰ তলত আছে৷ জিলা সমূহৰ বহু লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও ৪৫ হাজাৰ লোকক শিবিৰত ৰখা হৈছে৷ 

যোৱা ১৬ মে’ৰ পৰা নেৰা নেপেৰা বৰষুণ দি আছে দেশখনত৷ যাৰ ফলত বহু জিলা প্লাবিত হয়৷ বহু লোকৰ ঘৰ ঘৰ উটুৱাই নিয়াৰ লগতে গৰু, মহৰ মৃত্যু হয়৷