newsnextone.com। ডিজিটেল ডেক্সঃ দেশৰ লগতে কিছুমান বহিৰাগত দেশতো চলিছে প্ৰৱজনকাৰীৰ অবৈধ কাম৷ ঘৰিঁয়ালেৰে ভৰা এখন নদীত অবৈধ মাছ ধৰিবলৈ যোৱা বিদেশী নাগৰিক বৰ্তমানে সন্ধানহীন৷ এই কাণ্ড সংঘটিত হয় অষ্ট্ৰেলিয়াৰ এখন নদীত৷ অষ্ট্ৰলিয়াৰ সীমাৰ সুৰক্ষাৰ দলে এই লোকসকলৰ অবৈধ নাগৰিকৰ পৰিচয় পোৱা বুলি জনাইছে৷

সন্ধাহীন হোৱা নাগৰিক সকলৰ সঠিক পৰিচয়ৰ বিষয়ে জানিবলৈ দিয়া নাই সুৰক্ষা দলে৷ লগতে তেওঁলোক শৰণাৰ্থী নে মাছ ধৰিবলৈ অহা লোক এয়াও এক প্ৰশ্ন হৈ ৰয়৷ যদিওবা এই সন্ধাহীন লোকসকল শৰনাৰ্থী তথাপিও অষ্ট্ৰেলিয়াৰ সীমান্তত নাওঁ আনিবলৈ দিয়া নহয়৷ উল্লেখযোগ্য যে এনেধৰণৰ ঘটনা অষ্ট্ৰেলিয়াত পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হৈছে৷

স্থানীয় লোকে নাঁওত যাত্ৰা কৰাৰ লোকক হাবিলৈ পলাই যোৱা বিষয়টোত সংবাদ মাধ্যমত প্ৰকাশ কৰে৷ অনুমান কৰা মতে তেওঁলোক ভিয়েটনামৰ বুলি কোৱা হৈছে৷ আনহাতে ৰক্ষা কৰিবলৈ যোৱা মেৰীনে এই নাওঁখন ইণ্ডনেছিয়াৰ বুলিহে কয়৷ ক্কিংসলেণ্ড আৰক্ষী মিনিষ্টাৰ মাৰ্ক ৰেয়ানে চৰকাৰী প্ৰসাৰক এবিচিক জনোৱাৰ মতে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে৷ শেহতীয়াকৈ ব্ৰিষ্টেন কুৰিয়াৰ মেলে কোৱাৰ মতে ২০ জন লোক বৰ্তমানে সন্ধাহীন হোৱা লোকৰ তদন্তৰ অব্যাহত ৰাখিছে৷