
চৈখোৱা: ৰাজ্যৰ বনমন্ত্ৰীগৰাকীয়ে বন মাফিয়াৰ বিৰুদ্ধে যিমানেই কঠোৰ স্থিতি কৰা বুলি দাবী নকৰক, তিনিচুকীয়া জিলাৰ চৈখোৱাত অব্যাহত আছে চোৰাং কাঠৰ অবৈধ বেহা।
প্ৰাপ্ত অভিযোগ মতে , চৈখোৱা অঞ্চলৰ কে’বাগৰাকীও কাঠ ব্যৱসায়ীয়ে কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা চৈখোৱাৰ সৈতে যোগাযোগ কৰিব পৰা বিভিন্ন উপপথেৰে অবৈধভাবে কাঠ আনি চৈখোৱাস্থিত কে’বাটাও গুডামত জমা কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰেও অৰুণাচলৰ পৰা কুণ্ডা আনি অঞ্চলটোৰ বিভিন্ন স্থানৰ অবৈধ কাঠৰ মিলসমূহত ফালি কাঠ উলিয়াই নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ট্ৰাকে ট্ৰাকে প্ৰেৰণ কৰে।
ফলত ব্যাপক ৰূপত বন ধ্বংস হোৱাৰ লগতে ৰাজ্যখনে হেৰুৱাব লগীয়া হৈছে এক বৃহৎ অংকৰ ধনৰ ৰাজহ। এই ক্ষেত্ৰত স্থানীয় সচেতন ব্যক্তিসকলে অভিযোগ কৰা অনুসৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত অসাধু ব্যৱসায়ীয়ে এইদৰে অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলাই আছে।
বিশেষ সূত্ৰে জানিব পৰা মতে , চৈখোৱাৰ দুজন মান ব্যৱসায়ীয়ে বন বিভাগৰ বিষয়াৰ সৈতে গোপন বুজাবজি কৰি এক শকত অংকৰ কমিছনৰ বিনিময়ত অঞ্চলটোৰ কে’বাটোও ভিতৰুৱা ঠাইত কাঠ ফলা মিল স্থাপন কৰি দীৰ্ঘদিন ধৰি অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছে।
আনহাতে, জিলাখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ডাঙৰি বৰালি আৰু বৰপথাৰ সৰু-ধাদুম উপপথেদিও বহু সময়ত দিন দুপৰতে ট্ৰাকে ট্ৰাকে কাঠ প্ৰশাসন তথা বন বিভাগৰ চকুৰ সন্মুখেৰে ডুমডুমা অভিমুখে সৰবৰাহ হোৱাৰ অভিযোগ আছে। ৰাইজে শীঘ্ৰে এই দীৰ্ঘদিন ধৰি চলি থকা এই অবৈধ কাঠৰ বেহা বন্ধ কৰাৰ ব্যৱস্থা ল’বলৈ বন বিভাগক দাবী জনাইছে।