১৯৪০ চন৷ বেলি মাৰ নোযোৱা এক সাম্ৰাজ্য পৰাজিত হৈছিল বগা সাধাৰণ পোছাক পৰিহিত এজন ব্যক্তিৰ কাষত৷ তেঁৱেই মোহনচান্দ কৰমচান্দ গান্ধী, মহাত্মা গান্ধী হিচাপেই তেওঁ অত্যাধিক পৰিচিত৷ মহাত্মা যাৰ অৰ্থ ‘মহান আত্মা’৷ সেই সময়ত ভাৰত ব্ৰিটিছ শাসনৰ অধীনত৷ পৃথিৱীৰ বহু দেশ তেতিয়া ব্ৰিটিছ ঔপনিবেশিক শাসনৰ অধীনত আছিল৷ প্ৰজ্ঞাৰ অধিকাৰী ৰাজনৈতিক কৰ্মী হিচাপে গান্ধীয়ে ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ স্বাধীনতা আৰু দুখীয়া মানুহৰ অধিকাৰৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল৷ তেওঁৰ অহিংস আন্দোলনৰ কথা আজিও বিশ্বত চৰ্চা হয়৷ ১৫৪ সংখ্যক জন্মবাৰ্ষিকীত দেশবাসীয়ে আজি মহাত্মাক সুঁৱৰিছে, বহুজনেই তেওঁৰ জীৱনৰ অজানা কথাসমূহ জানিবলৈ আগ্ৰহীও হৈ উঠিছে৷ 
 
অভিজাত পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম

১৮৬৯ চনৰ ২ অক্টোবৰত ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ৰাজকীয় প্ৰাদেশিক এলেকা পোৰবন্দৰত মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম৷ তেওঁৰ অভিজাত পাৰিবাৰিক ঐতিহ্য হৈছে তেওঁৰ পিতৃ আছিল পোৰবন্দৰৰ ৰজাৰ ৰাজসভাৰ মন্ত্ৰী৷ তেওঁৰ মাতৃ আছিল এগৰাকী অত্যন্ত ধাৰ্মিক মহিলা, যিয়ে পুত্ৰক শিকাইছিল দৃঢ় হিন্দু নৈতিকতাৰ কথা৷ নিৰামিষ ভোজন, ধৰ্মীয় সহনশীলতা, সহজ-সৰল জীৱন যাপন আৰু অহিংসাৰ কথা মাতৃয়েই শিকাইছিল মোহনচান্দক৷
 
পিতৃৰ মৃত্যুৰ সময়ত কিয় উপস্থিত নাছিল মোহনচান্দ?

গান্ধীৰ বয়স তেতিয়া মাত্ৰ ১৩ বছৰ৷ তেওঁৰ সেই সময়তেই বিবাহ৷ ১৪ বছৰীয়া কস্তুৰীবাৰ সৈতে ১৩ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল মোহনচান্দ৷ টিনেজাৰ গান্ধীয়ে তেওঁৰ পৰিয়ালৰ কঠোৰ ধৰ্মীয় বিশ্বাসক অৱমাননা কৰিব পৰা নাছিল৷ কিন্তু সেয়া স্থায়ী নহ’ল৷ গান্ধীয়ে তেওঁলোকৰ পৰিয়ালৰ ৰীতি-নীতিসমূহক লাহে লাহে বিৰোধিতা কৰিবলৈ ল’লে৷ আনকি এসময়ত এনেকুৱাও হ’ল যে গান্ধীয়ে মাছ-মাংস খোৱাতো সাধাৰণ কথা হৈ পৰাৰ উপৰিও তেওঁৰ পৰিয়ালৰ বিপৰীতে গৈ পতিতালয়লৈকো যাবলৈ ল’লে৷ কিন্তু গান্ধীয়ে তেওঁৰ আত্মজীৱনী, ‘মোৰ সত্য আৰু অম্বেষণৰ কাহিনী’ত কোৱা মতে পতিতালয়লৈকে গ’লেও তেওঁ কাৰো সৈতে যৌন সম্পৰ্ক স্থাপন কৰা নাছিল৷

এই সন্দৰ্ভত গান্ধীজীয়ে আত্মজীৱনীত লিখিছে, ‘মই পাপৰ গহ্বৰত সোমাই পৰিছিলো৷ কিন্তু ঈশ্বৰে তেওঁৰ অসীম কৰুণাৰে মোক ৰক্ষা কৰিছিল৷ মই মোৰ প্ৰতিটো অনৈতিক কৰ্মৰ বাবে প্ৰত্যেক দিনেই অনুতপ্ত হৈ আছো৷’ 

গান্ধীৰ পিতৃ যেতিয়া মৃত্যুশয্যাত সেই সময় গান্ধীয়ে তেওঁৰ পত্নীৰ সৈতে মধুনিশা যাপনত ব্যস্ত আছিল যাৰবাবে পিতৃয়ে শেষ উশাহ লোৱাৰ সময়ত তেওঁ পিতৃৰ কাষলৈ যাব নোৱাৰিলে৷ সেই গ্লানিয়েও আজীৱন তেওঁক দুখবোধত ৰাখিছিল৷ গান্ধীজীয়ে তেঁওৰ আত্মজীৱনীত এই বিষয়টো উত্থাপন কৰি তেওঁ কিমান অপৰাধবোধত ভূগি থাকে সেই কথা উল্লেখ কৰি গৈছে৷ 

গান্ধীজীয়ে আত্মজীৱনীত লিখিছে, ‘মই অত্যন্ত লজ্জিত৷ এই বিষয়টোক লৈ অত্যন্ত দুখীও৷ মই যেতিয়া দৌৰি দেউতাৰ কাষ পাইছিলোগৈ তেতিয়া দেউতা আৰু এই পৃথিৱীত নাছিল৷ দেউতাৰ মৃত্যু হৈছিল৷ মোৰ পাশৱিক প্ৰবৃত্তিয়ে মোক অন্ধ কৰি নাৰাখিলে মই দেউতাই শেষ উশাহ লোৱাৰ সময়ত কাষতে থাকিলোহেতেন৷’ পিতৃৰ মৃত্যুৰ পাছতেই তেওঁক আন এক ঘটনাই কঁপাই যায়৷ সেয়া হৈছে সন্তানৰ মৃত্যু৷ কস্তুৰবা আৰু গান্ধীজীৰ প্ৰথমটো সন্তানৰ জন্মৰ লগে লগেই মৃত্যু হয়৷ এই ঘটনাক গান্ধীজীয়ে পিতৃৰ প্ৰতি কৰা অন্যায়ৰ বাবে ঈশ্বৰে দিয়া শাস্তি বুলি ধাৰণা কৰিছিল৷

ব্ৰহ্মচৰ্য ব্ৰত

লণ্ডনৰ আইনৰ ছাত্ৰ হিচাপে থকাৰ সময়ত গান্ধীজীয়ে থিওছফিকেল ছ’চাইটিৰ সদস্যসকলৰ সৈতে মিলা-মিছাৰ সুযোগ লাভ কৰে৷ তেওঁলোকে গান্ধীজীক হিন্দু ধৰ্মীয় গ্ৰন্থ গীতা পঢ়িবলৈ জোৰ দিয়ে৷ তাৰপিছতেই গান্ধীজীৰ গীতা পাঠৰ অভ্যাস গঢ়ি উঠে৷ ভাৰতীয় প্ৰাচীন গ্ৰন্থসমূহেই তেওঁৰ চিন্তাধাৰাত বিপুল পৰিৱৰ্তন আনিলে বুলিও গান্ধীজীয়ে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰি গৈছে৷ হিন্দু ধৰ্মৰ প্ৰতি তেওঁৰ ভক্তি বাঢ়ি গৈ থাকে৷ গভীৰভাৱে তেওঁ গীতাৰ উপৰিও ভাৰতৰ অইন প্ৰাচীন গ্ৰন্থসমূহ পঢ়িবলৈ ধৰে৷ প্ৰাচীন গ্ৰন্থ পঢ়াৰ অভ্যাসেই তেওঁক গ্ৰন্থ পঢ়াৰ প্ৰতি ধাউতি বঢ়াই দিয়ে৷ বিশেষকৈ ‘জেছাছৰ ছাৰমন অন দ্যা মাউণ্ট’ৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল গান্ধীজী৷ তেওঁ লিঅ’ টলষ্টয়ৰ গ্ৰন্থৰো অনুৰাগী আছিল৷

গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ় লোৱাৰ পাছতেই গান্ধীজী আকৌ শৈশৱৰ সেই মোহনচান্দ হৈ পৰিছিল৷ প্ৰথাগত হিন্দু ৰীতি-নীতি তেওঁৰ শৈশৱতেই মাতৃয়ে শিকাইছিল। সেইসমূহ কথাই তেওঁক আকৌ আমনি কৰিবলৈ ধৰিলে যাৰফলত গান্ধীজীৰ কৈশোৰত গঢ় লোৱা মাংস খোৱাৰ অভ্যাস, পতিতালয়লৈ যোৱাৰ অভ্যাস, মদ্যপানৰ আসক্তি সকলোবোৰ বাদ পৰিবলৈ লয়৷ ৪ টাকৈ সন্তানৰ পিতৃ হোৱাৰ পাছতেই গান্ধীজীয়ে গৃহস্থ জীৱন ত্যাগ কৰি ৩৮ বছৰ বয়সত ব্ৰহ্মচৰ্য ব্ৰত গ্ৰহণ কৰে৷ তেতিয়া তেওঁ আৰু ছ্যুট টাই পিন্ধা মোহনচান্দ হৈ নাথাকিল৷ তাৰ পৰিৱৰ্তে গান্ধীজীয়ে পৰিধান কৰিবলৈ ল’লে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য বহন কৰা বগা ধূতি৷ আঁঠু মূৰত ধূতি পিন্ধাৰ কথাটোক মহাত্মা গান্ধীয়ে তেঁওৰ আত্মজীৱনীত উল্লেখ কৰামতে এয়া, ‘শোকৰ পোছাক’৷

নিজৰ ব্ৰহ্মচৰ্যৰ পৰীক্ষাও নিজেই লৈছিল গান্ধীজীয়ে৷ নিজকে তেওঁ পৰীক্ষা কৰিবলৈ গৈ তেওঁৰ নাতিনী মানু গান্ধী আৰু অন্যান্য নাৰীৰ সৈতে একেখন বিছনাত সময় কটাইছিল, তেওঁ নিজৰে পৰীক্ষা কৰিবলৈ মহিলাৰ আগত উলংগ হৈয়ো সময় কটাইছিল৷ এই কৰ্মৰ আঁৰৰ অভিপ্ৰায় এটাই আছিল যে তেওঁ যৌন আকাংক্ষাক কিমান জয় কৰিছে তাৰ পৰীক্ষা কৰা৷ তেওঁ এই পৰীক্ষাত সফল হৈছিল৷ ব্ৰহ্মচৰ্য ব্ৰত লোৱাৰ পাছত কোনো নাৰীৰ সৈতে সম্পৰ্কত লিপ্ত হোৱা নাছিল মহাত্মা গান্ধীয়ে৷

দক্ষিণ আফ্ৰিকাৰ নিপীড়িতৰ বাবে যুঁজ

লণ্ডনৰ পৰা গ্ৰেজুৱেছন সম্পূৰ্ণ কৰাৰ পাছত গান্ধীজী ভাৰতলৈ উভতি আহি এগৰাকী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ অধিবক্তা হিচাপে তেওঁৰ প্ৰথম আইনী যুঁজ আছিল এজন ব্ৰিটিছ কৰ্মকৰ্তাক কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ গোচৰক লৈ৷ কিন্তু এই কামত তেওঁ সুখী হ’ব নোৱাৰিলে৷ যাৰবাবে গান্ধীজীয়ে ভাৰত এৰি দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰে৷ ১৮৯৩ চনৰ এপ্ৰিল মাহত তেওঁ আফ্ৰিকালৈ যাত্ৰা কৰে৷ পৰৱৰ্তী প্ৰায় ২১ বছৰ কাল তেওঁ দক্ষিণ আফ্ৰিকাতেই কটায়৷ 

দক্ষিণ আফ্ৰিকাত থকাৰ সময়তেই ট্ৰেইনৰ প্ৰথম শ্ৰেণীৰ ডবাত যাত্ৰা কৰাৰ সময়ত মুখামুখি হোৱা এটা পৰিস্থিতিয়ে তেওঁৰ জীৱনৰ প্ৰতি ধাৰণাই সলনি কৰি পেলায়৷ সেইদিনাও তেওঁ অন্যদিনাৰ দৰে প্ৰথম শ্ৰেণীৰ ডবাত যাত্ৰা কৰিছিল৷ কিন্তু সেই যাত্ৰাৰ সময়ত তেওঁক হঠাৎ সেই ডবাটোৰ পৰা নামিবলৈ কোৱা হ’ল৷ কিয় নামিবলৈ কোৱা হ’ল কাৰণ সোধাত ক’লে যে তেওঁৰ গাৰ বৰণ৷ ভাৰতীয় লোকসকলৰ প্ৰতি ব্ৰিটিছৰ এই ব্যৱহাৰ৷ কাৰণ সেই সময়ত দক্ষিণ আফ্ৰিকাত ব্ৰিটিছৰ আধিপত্য৷ 

ব্ৰিটিছৰ এই ব্যৱহাৰত ক্ষুন্ন হৈ পৰে মহাত্মা গান্ধী৷ জাগি উঠে তেওঁৰ প্ৰতিবাদী মন৷ সেইদিনাই তেওঁ ঠিৰাং কৰি লয় এনে বৰ্ণ বিভাজনৰ বিৰুদ্ধে তেওঁ যুঁজ দিব৷ নিপীড়িত সমাজখনৰ বাবে কিবা এটা কৰিবই লাগিব৷ লগে লগেই তেওঁৰ মনত নিজৰ দেশৰ কথাবোৰে অগাদেৱা কৰিবলৈ ধৰিলে৷ মনৰ দোধোৰমোধোৰ অৱস্থাই গান্ধীজীক ‘সত্যাগ্ৰহ’ আন্দোলনৰ জন্ম দিবলৈ বাধ্য কৰায়৷ তেওঁ দক্ষিণ আফ্ৰিকাত থাকিয়েই ইণ্ডিয়ান কংগ্ৰেছ অৱ নাটাল প্ৰতিষ্ঠা কৰে৷ 

কিন্তু এই আন্দোলন জানো ইমান সহজ? আফ্ৰিকাত থকা প্ৰৱাসী ভাৰতীয় সকলক লৈ সত্যাগ্ৰহ আন্দোলন কৰাৰ অপৰাধত গান্ধীজীক ব্ৰিটিছ বাহিনীয়ে গ্ৰেপ্তাৰ কৰে৷ কিন্তু বেছিদিন গান্ধীজীক কাৰাবন্দী কৰি ৰাখিব নোৱাৰিলে ব্ৰিটিছ বাহিনীয়ে৷ গান্ধীজীক মুক্ত কৰি দিবলৈ বাধ্য হয় ব্ৰিটিছ প্ৰশাসনে৷ গান্ধীজীৰ এই সত্যাগ্ৰহৰ খবৰ বিশ্বত বিয়পি পৰে৷ প্ৰত্যেকগৰাকী নিপীড়িত লোকৰ মনত গান্ধীজী প্ৰেৰণা হৈ পৰিল৷ গান্ধী তেতিয়া হৈ পৰিল বিশ্বজুৰি চিনাকি নাম৷ য’তেই নিপীড়িত তাতেই গুঞ্জৰিত হ’ল মহাত্মা গান্ধীৰ নাম৷

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অভিযুক্ত গান্ধীজী

গান্ধীজী ভাৰতলৈ উভতি অহাৰ পাছত শিখসকলৰ তীৰ্থস্থান অমৃতসৰত এক গণহত্যাৰ ঘটনাৰ পৰাই ভাৰতত আৰম্ভ হয় স্বাধীনতা আন্দোলন৷ অমৃতসৰত বিক্ষোভত ব্ৰিটিছৰ গুলীত তেতিয়া প্ৰায় ৪০০ মানুহে প্ৰাণ হেৰুৱাইছিল আৰু আঁহত হৈছিল ১৩০০ জন লোক৷ 

গান্ধীজীৰ অহিংসা আন্দোলনে প্ৰত্যেক শ্ৰেণীৰ মানুহক আকৰ্ষিত কৰিছিল৷ তেওঁ ব্ৰিটিছ শাসকৰ বিৰুদ্ধে যি অসহযোগ আন্দোলন চলাইছিল সেই আন্দোলনত ভাগ লৈছিল দেশৰ বিভিন্ন শ্ৰেণীৰ লোকে৷ দেশত স্বাধীনতা আন্দোলন বাঢ়ি অহাত ব্ৰিটিছ প্ৰশাসনে ৰাষ্ট্ৰদোহৰ গোচৰত গ্ৰেপ্তাৰ কৰে মহাত্মা গান্ধীক৷ ৰাষ্ট্ৰদোহৰ গোচৰ জাপি দিয়াৰ প্ৰধান কাৰণেই হৈছে ব্ৰিটিছ বিৰোধী আন্দোলন দমন কৰা৷ গান্ধীজীয়ে এই আইন সন্দৰ্ভত কৈছিল, ‘এই আইনৰ লক্ষ্য নাগৰিকৰ মুক্তি হৰণ কৰা।’

প্ৰভাৱশালী এক সাম্ৰাজ্যৰ পতন

দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটিছ সাম্ৰাজ্যৰ নিয়ন্ত্ৰণক দুৰ্বল কৰি দিয়াৰ ওপৰিও গান্ধীৰ আন্দোলনৰ লক্ষ্যসমূহ বাস্তৱ কৰি উঠাত সহায় কৰিছিল৷ ১৯৪৭ চনত তেওঁ বিচৰা সেই সপোন পূৰণ হ’ল৷ দেশে স্বাধীনতা লাভ কৰিলে৷ কিন্তু তেওঁ বিচাৰিছিল হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়েই এই ৰাষ্ট্ৰত একেলগে বাস কৰিব৷ ধৰ্মনিৰপেক্ষ এখন দেশৰ কল্পনা কৰিছিল মহাত্মা গান্ধীয়ে৷ কিন্তু স্বাধীনতাৰ দিনাখনেই এই দেশ ভাগ বটোৱাৰা হৈ পৰে৷ ভাৰত আৰু পাকিস্তান৷ দেশ স্বাধীন হোৱাৰ আনন্দ ম্লান পেলালে বিভাজনে৷ গান্ধীজীয়ে এই সফলতাক আৰু উদযাপন কৰিব নোৱাৰিলে৷ 

স্বাধীনতাৰ ছমাহ পাছত এখন প্ৰাৰ্থনা সভাত যোগ দিয়াৰ উদ্দেশ্যে গান্ধী সেই স্থানলৈ আহিছিল৷ তেনেতেই নাথুৰাম গডছে নামৰ এজন কট্টৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ গুলীত গুলীবিদ্ধ হয় মহাত্মা গান্ধী৷ মুছলমান সম্প্ৰদায় আৰু পাকিস্তানৰ প্ৰতি তেওঁৰ বন্ধুত্বপূৰ্ণ মনোভাৱৰ বাবেই নাথুৰাম গডছেই হত্যা কৰে মহাত্মা গান্ধীক৷ গান্ধীজীৰ মৃত্যুৰ পাছতেই ধৰ্ম, বৰ্ণ আৰু শ্ৰেণী বিভাজনহীন ভাৰতৰ সপোনৰো যেন মৃত্যু ঘটিল! গান্ধীজীয়ে সপোন দেখা সেইখন ভাৰত আৰু বাস্তৱ হৈ নুঠিল৷