গুৱাহাটীঃ ফেচবুকত লগ পোৱা এগৰাকী যুৱকৰ সৈতে প্ৰেমত পৰি এতিয়া ন্যায়ৰ বাবে হাহকাৰ কৰিব লগা হৈছে এগৰাকী যুৱতীয়ে৷ এগৰাকী যুৱতীয়ে কাৰোবাৰ অকণমান সহায়ৰ বাবে হাহাকাৰ কৰি ঘুৰি ফুৰিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত৷ গুৱাহাটীৰ সাওঁকুছিৰ যুৱতীগৰাকীয়ে যোৱা ডিচেম্বৰ মাহত ফেচবুকত লগ পাইছিল কৌশিক তালুকদাৰ নামৰ এগৰাকী যুৱকক৷ প্ৰথমে ফেচবুকত বন্ধুত্ব গঢ়ি উঠে দুয়োৰে মাজত৷ লাহে লাহে তেওলোকৰ সম্পৰ্কই প্ৰেমৰ ৰূপ লয়৷

তাৰ পিছত যুৱতীগৰাকীয়ে কেইবাবাৰো গুৱাহাটী মহানগৰীত কৌশিক তালুকদাৰৰ সৈতে লগা লগি হৈছিল৷ ইয়াৰ মাজতে কৌশিক তালুকদাৰ নামৰ যুৱকজনে বিবাহৰ প্ৰস্তাৱ দিয়ে৷ যুৱকজনৰ প্ৰস্তাৱ মানি লোৱা নাছিল যদিও এপ্ৰিল মাহত যুৱতীয়ে মানি লৈ যুৱকজনৰ সৈতে কামৰূপ জিলাৰ বিবাহ পঞ্জীয়কৰ ওচৰত বিবাহৰ বাবে আবেদন কৰে৷ ইতিমধ্যে ১১ এপ্ৰিলত দুয়োৰে বিবাহ পঞ্জীয়ণ হৈ যায়৷ বিবাহ পঞ্জীয়ণ হৈ যোৱাৰ পিছত যুৱতীগৰাকীয়ে যুৱকজনক তেওলোকৰ ঘৰলৈ লৈ যাবলৈ কয় যদিও বিভিন্ন অজুহাত দেখুৱাই নিনিয়াকৈ থাকে৷

তাৰ মাজতে দুয়োগৰাকীয়ে ২৩ ডিচেম্বৰত বিবাহৰ দিন ঠিক কৰে৷ যুৱতীগৰাকীৰ পৰিয়াল বিবাহৰ বাবে সাজু হয়৷ ২৩ ডিচেম্বৰৰ চাৰিদিন পূৰ্বে যুৱক কৌশিকে যুৱতীগৰাকীক বিবাহৰ দিন সলনি কৰিবলৈ জোৰ দিয়ে৷ যুৱতীগৰাকীয়ে কাৰণ সোধাত তেওলোকৰ খুৰিয়েকৰ মৃত্যু হোৱা বুলি কয়৷ এই কথাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয়৷ তাৰ পিছৰে পৰা যুৱকজনৰ মোবাইল বন্ধ কৰি থোৱাত যুৱতীগৰাকীয়ে যুৱকজনৰ হাজোৰ ৰামদিয়াৰ ঘৰলৈ যায়৷

ঘৰলৈ যোৱাৰ পিছতে পৰিয়ালৰ লোকে বিভিন্ন ধৰণে গালি গালাজ কৰাৰ লগতে যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ইমানে নহয় যুৱতীগৰাকীয়ে ঘৰলৈ গৈ যুৱকজনে এবছৰ পূৰ্বে বিবাহত আৱদ্ধ হৈছেল বুলি অৱগত হয়৷ তেওঁ পেচাত এগৰাকী চিকিৎসক আৰু বৰ্তমান ডিব্ৰুগড়ৰ আচাম মেডিকেল কলেজত ফেকাল্টি হিচাপে কাম কৰি আছে৷ ভুৱা প্ৰেমৰ জালত ফচাই প্ৰৱঞ্চনা কৰা বিবাহিত কৌশিকৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে পানবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

যুৱতীৰগৰাকীৰ বিৰুদ্ধেও কৌশিকৰ পৰিয়ালেওঁ জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। যুৱতীগৰাকীয়ে বিবাহৰ প্ৰমাণ পত্ৰও লগত লৈ ফুৰে৷ যুৱতীগৰাকীৰ এই অভিযোগ কিমান দুৰ সঁচা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। যুৱতীগৰাকীয়ে কৌশিকৰ ঘৰলৈ যোৱাৰ কথা কলেই প্ৰায়ে দুয়োৰে মাজত সংঘাত হৈছিল। জালুকবাৰী লংকেশ্বৰৰ কৈলাশপুৰ নিবাসী চিকিৎসক কৌশিক তালুকদাৰ।

ভূক্তভোগীৰ ফটো-ভিডিঅ' প্ৰকাশ কৰাতো আমাৰ নীতি বিৰুদ্ধ যদিও ভূক্তভোগীৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি প্ৰকাশ কৰা হৈছে।​