গুৱাহাটীঃ ৰাজ্যত অনুষ্ঠিত হ’ব ছাত্ৰী অভিৱৰ্তন৷ ছাত্ৰী অভিৱৰ্তন অনুষ্ঠিত কৰিব ভাৰতৰ ছাত্ৰ ফেডাৰেছনে৷ ছাত্ৰীসকলৰ সমস্যা সন্দৰ্ভত তথা সমাধানৰ দাবীত অহা ১৮-২০ অাগষ্টত ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে অনুষ্ঠিত কৰিব ৰাজ্যিক ছাত্ৰী অভিৱৰ্তন।

বামপন্থী ছাত্ৰ সংগঠনটোৱে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যত বৃদ্ধি পাই অহা যৌন নিৰ্যাতনৰ ঘটনা বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰীৰ যৌন নিৰ্যাতনৰ ঘটনাই পৰিবেশ বিনষ্ট কৰিছে বুলি অভিযোগ কৰে।

সংগঠনটোৱে ছাত্ৰীয়ে বলি হৈ অহা নিৰ্যাতন বন্ধ কৰাৰ বাবে সকলো শিক্ষানুষ্ঠানতে যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীলকৰণ সমিতি গঠন কৰাৰ দাবী জনায়। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কেম্পাচকে অাদি কৰি সকলো ৰাজহুৱা স্থানতে যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰিব লাগে বুলি মত পোষণ কৰে সংগঠনটোৱে।

মহাবিদ্যালয় সমূহত পৰ্যাপ্ত ছাত্ৰী নিবাসৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰী নিবাস সমূহ সুৰক্ষিত কৰাৰ দাবী জনায় সংগঠনটোৱে৷ অানহাতে শিক্ষানুষ্ঠানসমূহত স্বাস্থ্যসন্মত প্ৰস্ৰাৱগাৰ নথকাৰ বাবে ছাত্ৰী সকলে জিয়াতু ভূগিবলগীয়া হয়। সেয়েহে এছ এফ অাইয়ে শিক্ষানুষ্ঠানৰ লগতে প্ৰতি কিলোমিটাৰৰ অন্তৰে অন্তৰে ৰাজহুৱা প্ৰস্ৰাৱগাৰ স্থাপন কৰাৰ লগতে স্কুল কলেজত চেনিটেৰী নেপকিন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়।

ছাত্ৰী সুৰক্ষাৰ অৰ্থে হেল্প লাইন, ছাত্ৰীসকলৰ বাবে বৃত্তি দিয়াৰ ব্যৱস্থা, শিক্ষানুষ্ঠানৰ পৰা ১৫ কিলোমিটাৰ দুৰত্বৰ ছাত্ৰীক স্কুটী দিয়াৰো দাবী উত্থাপন কৰে এছ এফ অাইয়ে। বানাক্ৰান্তক সহায়ৰ বাবে চৰকাৰক অধিক তৎপৰ হোৱাৰ দাবী জনায়। ছাত্ৰী সমূহৰ এই সমস্যা সমূহ এছ এফ অাইৰ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলগীয়া অভিবৰ্তনত আলোচনা কৰা হ’ব।

ছাত্ৰী নিৰ্যাতনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ১৮ অাগষ্টত দীঘলীপুখুৰী পাৰত হ’বলগীয়া ছাত্ৰী ৰেলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ডেৰ শতাধিক ছাত্ৰীয়ে অংশ লব বুলি জনায় সংগঠনটোৱে।

১৮ আগষ্টৰ বিয়লি ৩ বজাৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত হ’বলগীয়া প্ৰতিনিধি সভা মুকলি কৰি অভিৱৰ্তনৰ শুভৰাম্ভ কৰিব অসম ৰাজ্যিক ছাত্ৰী অভিৱৰ্তন সমিতিৰ সভাপতি তথা 'নেহু'ৰ প্ৰাক্তন অধ্যাপিকা ড০ মনোৰমা শৰ্মাই।