গোৱালপাৰাঃ কৰ'নাৰ ভাইৰাছৰ সংক্ৰমণক ৰোধ কৰাৰ লক্ষ্যৰে দেশজুৰি অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ পৰিপেক্ষিতত দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰ খনত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ কিয়নো লক ডাউনৰ সময়চোৱাত স্বাভাৱিক জীৱন-যাত্ৰা আৰু হাট-বজাৰ ব্যাহত হৈ পৰাৰ ফলস্বৰূপে বজাৰৰ অভাৱত পৰা পৰিলক্ষিত হৈছে দেশৰ লগতে ৰাজ্যৰ ক্ষুদ্ৰ কৃষক সকল৷

গোৱালপাৰা জিলাৰ বিশেষকৈ পশ্চিম গোৱালপাৰাৰ ভিতৰুৱা কৃষি প্ৰধান অঞ্চল সমুহৰ শ-শ বিঘা কৃষি ভূমিত উৎপাদিত শাক-পাচলিসমূহ বজাৰ অভাৱত সম্প্রতি খেতি পথাৰতে পচিবলৈ ধৰিছে। যাৰবাবে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শাক পাচলি বিক্ৰী কৰিব নোৱাৰি উপায়হীন হৈ পৰিছে কৃষক ৰাইজ৷ 

উল্লেখযোগ্য যে পশ্চিম গোৱালপাৰাৰ বাহবাৰীৰ চাকলা বিলপাৰাৰ একাংশ খেতিয়কে লকডাউনৰ ফলত কেবালক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ কথাও জনিবলৈ দিছে৷ ইয়াৰ ফলস্বৰূপে খেতিয়কসকলে সাৰ বীজ আদিৰ দোকানৰ বাকীও পৰিশোধ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। 

সেয়েহে উপায়বিহীন কৃষক ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহন কৰাৰ বাবে দাবী জনাইছে৷