04
Jul
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/af12324c-3c33-4c45-86fe-01ebae97a692.jpg?itok=m9OAmDzk)
ডিফুঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ অধ্যক্ষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে হৰেণ চিং বে’। আজি দিনৰ ১২ বজাত দ্বাদশ পৰিষদৰ অধ্যক্ষ পদৰ বাবে ৫ নং ৰংখাং পৰিষদীয় সমষ্টিৰ বিজয়ী প্ৰাৰ্থী হৰেণ চিং বে’ই মনোনয়ন পত্ৰ খন দাখিল কৰে৷
হৰেণ চিং বে' ৰ বাহিৰে আন কোনো সদস্যই মনোনয়ন পত্ৰ দাখিল নকৰাত তেওঁ অপ্ৰতিদ্বন্দী হৈ পৰিছে। এতিয়া কাইলৈ হ'বলগীয়া অধ্যক্ষৰ নিৰ্বাচন প্ৰক্ৰিয়া কেৱল আনুষ্ঠানিকতা হোবাতো নিশ্চিত হৈ পৰিছে।
আনহাতে ৭ জুলাইত দ্বাদশ পৰিষদৰ বাবে মুখ্য কাৰ্যবাহী সদস্যক ৰাজ্যপালে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিব৷