ডিজিটেল ডেস্কঃ দেশত নাৰী আজিওঁ সুৰক্ষিত নহয় নাৰী। এই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে দুটাকৈ বলাৎকাৰৰ ঘটনাই৷ যিসময়ত চৰকাৰে নাৰী সুৰক্ষা তথা নাৰী নিৰ্যাতনৰ দৰে ঘটনা বন্ধ কৰাৰ বাবে বিভিন্ন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে তেনে সময়ত নাৰী নিৰ্যাতনৰ লগতে বলাৎকাৰৰ দৰে ঘটনা সঘনাই বৃদ্ধি পোৱাত সকলোৱে চিন্তিত হৈ পৰিছে৷

তাৰে মাজতে শনিবাৰে হৰিয়ানাত সংঘটিত হোৱা দুটাকৈ গণ ধৰ্ষণৰ ঘটনাই সমগ্ৰ হৰিয়ানাবাসীক লজ্জানত কৰাৰ লগতে চিন্তিত কৰি তুলিছে ৷ 

দেশৰ অভিভাৱকসকলো চিন্তিত কিয়নো কাৰ সৈতে এই অনৈতিক কাৰ্য সংঘটিত হয় সেয়া নিশ্চয়তা নাই৷ হাৰিয়ানাৰ প্ৰথমটো ঘটনা সংঘটিত হ’ল ফৰিদাবাদত৷ শনিবাৰে সন্ধিয়া কাৰ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পঠত গণধৰ্ষণৰ বলি হ’ল ২২ বছৰৰ এগৰাকী যুৱতী৷

চলন্ত গাড়ীতে প্ৰায় ২ ঘন্টা সময় যুৱতীগৰাকীক ৩ অচিনাক্ত ব্যক্তিয়ে বলাৎকাৰ কৰে৷ আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া প্ৰায় ৭ মান বজাত কাৰ্যালয়ৰ পৰা খোঁজকাঢ়ি নিজ ঘৰলৈ আহি থকাৰ সময়তে যুৱতীগৰাকীক ৰাজপথৰ পৰা বলপূ্ৰ্বকভাবে এখন SUV নামৰ বিলাসী গাড়ীত উঠাই নিয়ে কেইজনমান অচিনাক্ত লোকে৷

ইয়াৰ পিছতে আৰম্ভ হয় এজনৰ পিছত এজনৰ অত্যাচাৰ৷ এইদৰে ২ ঘন্টা কামনাৰ বলি হোৱা যুৱতীগৰাকীক ছিক্ৰি নামৰ ঠাইডোখৰৰ পেট্ৰল পাম্পৰ সমীপত পেলাই থৈ আঁতৰি যায় লোককেইজন৷

যুৱতীগৰাকীৰ সমগ্ৰ শৰীৰতে আঁঘাতৰ চিঁন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত যুৱতীগৰাকীক গণধৰ্ষণ হোৱা বুলি নিশ্চিত কৰে চিকিৎসকে৷ ইফালে উক্ত ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে৷ এতিয়ালৈকে আৰক্ষীয়ে কোনো এজন অপৰাধীক আটক কৰিব পৰা নাই৷

 আনহাতে উক্ত দিনটোতে আন এক নৃশংসতাৰ ঘটনাই নিৰ্ভয়াৰ কাণ্ডৰ ভয়ংকৰ স্মৃতিক পুনৰ সজীৱ কৰি হাৰিয়ানাত৷ হৰিয়ানাৰ জিন্দ অঞ্চলৰ পৰা উদ্ধাৰ হোৱা ১৫ বছৰীয়া কিশোৰীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হয়।

কিশোৰীগৰাকীক গণধৰ্ষণ অন্তত নৃশংস ভাৱে হত্যা কৰা বুলি চিকিৎসকৰ প্ৰতিবেদন প্ৰকাশ পায়৷ উল্লেখ্য, বলাৎকাৰীসকলে কিশোৰীগৰাকীৰ ওপৰত ইমানেই অত্যাচাৰ চলাইছিল যে শৰীৰৰ বিভিন্ন স্থানত আঁঘাতৰ চিঁনে সেয়া স্পষ্ট কৰি দিছে৷