শুক্লাইঃ একালত অটব্য হাবি-জংঘলত হাতত অস্ত্ৰ লৈ নিজ জনগোষ্ঠীৰ বাবে বিদ্ৰোহ কৰিছিল হৰকান্তই৷ নিজ জনগোষ্ঠীৰ বাবে দেহত সেনাৰ গুলী খায়ো ভাগৰি পৰা নাছিল হৰকান্তই৷

কোনো কালে ভাগৰি নপৰা সশস্ত্ৰ সংগ্ৰামৰ সৈনিক একালৰ বিএলটিৰ কামাণ্ডাৰ হৰকান্ত দৈমাৰীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে৷ যকৃতৰ ৰোগত আক্ৰান্ত হৈ যোৱা এমাহ ধৰি বিছনাকে সংগী কৰি লোৱা বিএলটিৰ প্ৰাক্তন কামাণ্ডাৰ হৰকান্তৰ শুকুৰবাৰে ডিমাকুছিস্থিত নিজ গৃহত মৃত্যু হয়।

ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দাৰোগাচুবা গাঁৱৰ স্বৰ্গীয় বেংগা দৈমাৰী আৰু হাম্ব্ৰু দৈমাৰীৰ জ্যেষ্ঠ পুত্ৰ হৰকান্ত দৈমাৰীয়ে বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে সশস্ত্ৰ সংগঠন বিএলটিত যোগদান কৰি কম সময়তে বিদ্ৰোহী সংগঠনটোৰ কামাণ্ডাৰ পদবী লাভ কৰিছিল৷

হৰকান্ত দৈমাৰী আছিল সেনা-আৰক্ষীৰ মূৰৰ কামোৰণিস্বৰূপ । ১৯৯৮ চনৰ ৬ এপ্ৰিলত সেনাৰ গুলী খোৱাৰ পিছতো সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ এৰা নাছিল হৰকান্তই। কেন্দ্ৰীয় চৰকাৰ আৰু বিএলটিৰ মাজত হোৱা শান্তি চুক্তিৰ অন্তত আন সদস্যসকলৰ দৰে তেঁৱো মূলসূঁতিলৈ ঘূৰি আহি ঠিকা-ঠুকুলি তথা ব্যাৱসায় আৰম্ভ কৰি পৰিয়াল পোহপাল দি আহিছিল।

দৈমাৰীৰ মৃত্যুত ডিমাকুছি এবছু, প্ৰাক্তন বি এল টি কল্যাণ সমিতি, বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। ইফালে একালৰ সতীৰ্থ হৰকান্ত দৈমাৰীৰ আজিলৈকে হাগ্ৰামা মহিলাৰীয়ে কোনো খবৰ নোলোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।