দহ বছৰ বয়সৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱাই জীৱন সংগ্ৰাম কৰিবলগীয়া হোৱা দীনদয়াল উপাধ্যায়ে কংগ্ৰেছৰ বিকল্প হিচাপে ১৯৫১ চনতে ভাৰতীয় জন সংঘ (পূৰ্বৰ বি জে পি) গঠন কৰি ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতিলৈ নিশ্চতিভাৱে বৰঙণি যোগাইছে। কিন্তু এই নেতাজনেই ১৯৬৮ চনত নিজ মতাদৰ্শৰে একাংশৰ ষড়যন্ত্ৰৰ বলি হৈ মৃত্যুক সাবতিবলগীয়া হ'ল। 

বি জে পি ক্ষমতালৈ আহি নিজ দলৰ প্ৰতিষ্ঠাপক এজনৰ নামত আঁচনি বা প্ৰতিষ্ঠানৰ নাম দিয়াতোত কোনো অস্বাভাৱিকতা নাই বা থাকিব নালাগে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত কলেজৰ নামাকৰণত অসমৰ ৰাইজে হয়তো আপত্তি কৰা নাই। আপত্তিটো হ'ল তেওঁৰ নামত গণ্ডাই গণ্ডাই কলেজৰ নামাকৰণতহে।

এজন লোকক কেনেকৈ সন্মান যচা হয়? যদি তেওঁৰ অস্বাভাবিকভাৱে মৃত্যু ঘটে? দীনদয়াল উপাধ্যায়ৰ ক্ষত-বিক্ষত মৃতদেহ মোগলচৰাই ৰে'ল ষ্টেচনৰ ৰে'ল লাইনৰ কাষত পোৱা গৈছিল। চি বি আইৰ তদন্তত এয়া চুৰিজনিত ঘটনাৰ ফল বুলি পোৱা গৈছে। চৰকাৰে গঠন কৰা ন্যায়িক আয়োগেও তদ্ৰুপ প্ৰতিবেদন দিছে। কিন্তু জন সংঘৰে একাংশ প্ৰতিষ্ঠাপক নেতাই এয়া পৰিকল্পিত হত্যাকণ্ড বুলি এতিয়াও বিশ্বাস কৰে। 

তেওঁলোকে সন্দহৰ আঙুলি টোৱাইছে সেই সময়ৰ যুৱ নেতা অটল বিহাৰী বাজপায়ী তথা এল কে আদৱানীলৈ। এক তথ্য মতে ১৯৭৮ চনৰ জনতা চৰকাৰৰ দিনত এই হত্যাকাণ্ডৰ গোচৰৰ নতুনকৈ তদন্তৰ দাবী উত্থাপন হোৱাত বিজেপিৰ এই দুই নেতাই বিৰোধিতা কৰিছিল। সেয়া যিয়ে নহওক এই হত্যাকাণ্ডৰ সঠিক তদন্ত একমাত্ৰ দীনদয়াল উপাধ্যায়ৰ পৰিয়ালৰ বাদে কোনেও বিচৰা নাই। প্ৰয়াত নেতাজনৰ ভাগিনী তথা ৰাজস্থান বিজেপিৰ মহিলা গোটৰ বৰ্তমানৰ সভানেত্ৰী মধু শৰ্মাই এতিয়াও এই হত্যাকাণ্ডৰ নতুন তদন্ত দাবী কৰিছে।

বি জে পি চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত যিমানে কলেজৰ নাম নিদিয়ক, নেতাজনৰ প্ৰতি তেতিয়াহে প্ৰকৃত সন্মান যচা হ'ব যেতিয়া তেওঁৰ হত্যাৰ ৰহস্য ভেদ হ'ব।

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)