
ৰঙিয়াঃ আন চাৰিটা শিশুৰ দৰে হিবজুলে ওমলিছিল, দুষ্টামি কৰিছিল৷ কিন্তু হিবজুলে এতিয়া মাকৰ কোলাত দিন পাৰ কৰিছে৷ দৰিদ্ৰ পৰিয়ালৰ হিবজুল নামৰ তিনিবছৰীয়া শিশুটোৱে বৃক্কৰ ৰোগত আক্ৰান্ত হৈ খেলা-ধূলা বাদ দি কেৱল মাকৰ কোলাত দিন পাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।
ৰঙিয়াৰ চহৰৰ গোগমালাছাৰ দৰিদ্ৰ পৰিয়ালৰ শিশুটোৱে অৰ্থৰ অভাৱত পৰিয়ালে উপযুক্ত চিকিৎসাৰ কৰিব নোৱাৰাৰ বাবে মৃত্যুৰ সৈতে যুঁজি দিছে। ৰঙিয়াৰ গোগমালাছাৰ দিন মজদুৰ চাদেক আলীয়ে পুত্ৰ হিবজুলৰ বৃক্ক ৰোগৰ চিকিৎসাৰ বাবে ঘৰ-মাটি, হালৰ গৰু বিক্ৰী কৰিছে যদিও উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন।
সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে ধনৰ অভাৱত উন্নত চিকিৎসা কৰিব পৰা নাই পুত্ৰক। ৮ মাহ পূৰ্বে শিশুটো হঠাৎ অসুস্থ হৈ পৰাত ৰঙিয়াৰ এখন হাস্পিতালত চিকিৎসা কৰিছিল। পিছত সুস্থ হৈ নুঠাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়।
গুৱাহাটী মেডিকেল কলেজ হাস্পিতালত ২১ দিন থকাৰ পিছত চিকিৎসকে দায়িত্বহীনভাৱে শিশুটোক ঘৰলৈ পঠিয়াই দিয়ে। পৰৱৰ্তী সময়ত শিশুটি পুনৰ অসুস্থ হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই পৰিয়ালে।
বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত শিশুটিৰ এটা বৃক্ক বিকল হোৱা বুলি চিকিৎসকে অৱগত কৰে। ইফালে আনটো বৃক্কও উপয়ুক্ত চিকিৎসা নাপালে নষ্ট হোৱাৰ আশংকা কৰিছে চিকিৎসকে৷ পুত্ৰৰ বৃক্কৰ উপয়ুক্ত চিকিৎসা কৰিবলৈ ৫ লাখ টকাৰ প্ৰয়োজন পৰিয়ালটোক।
ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে। কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ দৰকাৰ হোৱা ৫ লাখ টকা কেনেকৈ যোগাৰ কৰিব তাৰ চিন্তাত দিন পাৰ কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে।
চৰকাৰৰ পৰা শিশুটিৰ উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় বিছাৰিছে। সুহৃদ ব্যক্তি অথবা দল-সংগঠনে চিকিৎসাৰ বাবে সাহায্য আগবঢ়াৱ বিচাৰিলে ৮৭২১০৯৮১৬৭ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। নাইবা 2021010064831 নম্বৰৰ united bank of indiaৰ একাউন্ট যোগেও মানৱ দৰদী লোকসকলে সহায় কৰিব পাৰে।