newsnextone.com | গুৱাহাটীঃ অসমৰ হিমাই অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ মেডেল লাভ কৰা নাই৷ অসমৰ হিমাই এই ৰেকৰ্ড কৰিলে৷ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰে৷ 

ইয়াৰ পূৰ্বে জুনিয়ৰ বিশ্বকাপত সোণ জয়ী হৈছিল নীৰাজ চোপৰাই সেয়াও জেভলিন থ্ৰত৷ ইয়াৰ পূৰ্বে ব্ৰঞ্জ জয়ী হৈছিল সীমা পুনিয়াই নৱজ্যোৎ সিঙে৷ কিন্তু ট্ৰেক ইভেণ্টত ভাৰতৰ কোনে খেলুৱৈ এয়াই প্ৰথম সোণৰ পদক লাভ কৰে৷

৪০০ মিটাৰত দেশৰ ১ নং খেলুৱৈ হৈ পৰিল হিমা৷ এছিয়া দলত স্থান লাভ কৰিলে৷ ১৯ বছৰৰ অসম কন্যা প্ৰশিক্ষক নিপন দাসৰ চেষ্টাত এই সফলতা লাভ কৰে হিমাই৷ ভাৰতীয় এথলিটৰ নতুন তাৰকা হিমাই যে স্বৰ্ণ লাভ কৰিব সেই কথা কোনেও ভাবিব পৰা নাছিল৷