newsnextone.com | গুৱাহাটীঃ নতুন ইতিহাস সৃষ্টি কৰিলে অসম কন্যা হিমা দাসে৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ মেডেল লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে দৌৰবিদ হিমাই৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোঢ়ে হিমা দাস আৰু প্ৰশিক্ষকক শুভেচ্ছা যাচে।

ফিনলেণ্ডত অনুষ্ঠিত হোৱা অনুৰ্ধ-২০ বছৰৰ এথলেটিকছত ৪০০ মিটাৰত স্বৰ্ণ পদক আজুৰি আনে দেখলৈ। হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰে দৌৰ। বিশ্বৰ কেইবাগৰাকী আগশাৰীৰ খেলুৱৈক ধৰাশয়ী কৰি স্বৰ্ণ আজুৰি আনে অসম কন্যাই।