ডিফুঃ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী নেতা ডা. হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি দেখা গৈছে কাৰ্বি আংলঙত। পাহাৰীয়া ৰাজ্যখনৰ দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ আজিৰে পৰা প্ৰচাৰত নামিছে বিজেপিৰ অন্যতম কৰ্ণধাৰ হিমন্ত বিশ্ব শৰ্মা৷

একে দিনাই বৰলাংফাৰ, ধনশিৰি, লংনিট আৰু ফুলনিত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিব বিজেপিৰ হাই প্ৰফাইল মন্ত্ৰী গৰাকীয়ে৷ আজি ড. হিমন্ত বিশ্ব শৰ্মাই সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী ইস্তাহৰ খন উন্মোচন কৰে৷

ইস্তাহাৰত স্বায়ত্ব ক্ৰীড়া, পৰিষদৰ পূঁজি বৃদ্ধি, নিবনুৱা সমস্যা, পৰ্যটন ক্ষেত্ৰৰ বিকাশ, শিক্ষাৰ মানদণ্ড, চিকিৎসা, বিশুদ্ধ খোৱা পানী, যাতায়ত সীমান্ত সুৰক্ষা আদি বিভিন্ন বিষয় সাঙুৰি লোৱা দেখা গৈছে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিৰ শাসন কালত নতুন দিগন্তৰ সূচনা হ'ব বুলি কয়৷

গেৰুৱা দলটোৱে পাহাৰীয়া জিলাখনত উন্নয়নৰ বাবে বহু আঁচনিৰ ধন মুকলি কৰি দিয়া বুলি তুলিৰামে মন্তব্য কৰে। ৰাজহুৱা অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত ড. হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ বাবে বিনামূলীয়া পাঠ্যপুথি দিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মত প্ৰকাশ কৰে৷

জিলাখনত ব্লাড চেক, চিটি স্কেন, এক্সৰে বিনামূলীয়া কৰা, প্ৰতি বছৰত ১০০০ নিবনুৱা যুৱক-যুৱতীৰ বাবে বিবেকানন্দ আত্ম সহায়ক আঁচনিৰ অধীনত ৮০ হাজাৰৰ সাহায্যপ্ৰাপ্ত ১ লাখ টকাকৈ ঋণ প্ৰদান কৰা, দিব্যাংগ সকলক ১০০০ টকাকৈ পেঞ্চন প্ৰদান কৰা, ১০০০ টা আত্ম সহায়ক গোটক ২৫ হাজাৰ টকাকৈ ঋণ প্ৰদান আদি বিভিন্ন পদক্ষেপৰ গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে৷

ড. শৰ্মাই কংগ্ৰেছক অচল টকাৰ লগত তুলনা কৰাৰ লগতে এএছডিচিৰ শাসন কালত সন্ত্ৰাস, হিংসা আৰু মাৰপিটৰ যুগ বুলি কটাক্ষ কৰে। বিজেপিৰ শাসনত এইবোৰ হ্ৰাস পাই বৰ্তমান পাহাৰীয়া ৰাজ্যখন উন্নয়নৰ দিশে ধাৱমান হোৱা বুলি কয় হিমন্তই। লুম্বাজং সমষ্টিৰ ৰতন টেৰণ, ধনশিৰিৰ প্ৰদীপ ডিফুচা, সিংহাসন সমষ্টিৰ অমৰ তিচ' ফুলনি সমষ্টিৰ দৰচিং ৰংহাঙৰ হৈ প্ৰচাৰ চলাই প্ৰাৰ্থী কেইগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় হিমন্তই।