ডিজিটেল ডেস্কঃ ফেচবুকত আৱেগ উজাৰি দিয়াৰ ক্ষেত্ৰত ভাৰতীয়সকল পিছপৰি থাকিল৷ ঠিক এনেধৰণৰেই এক পৰিসংখ্যা প্ৰকাশ পাইছে৷ দৰাচলতে ১৭ মে’ত পালন কৰা হৈছিল বিশ্ব ইম’জি দিৱস৷ মানুহৰ বিভিন্ন আৱেগক ইম’জিৰে প্ৰকাশ কৰাৰ উপায় উলিয়াই দিয়া ফেচবুকেও উদযাপন কৰিছিল এই দিবস৷ 

এই উপলক্ষে ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গে প্ৰকাশ কৰিছিল আটাইতকৈ বেছি ইম’জি ব্যৱহাৰ কৰা দেশৰ তালিকা৷ তাতে প্ৰথমেই নাম আছিল গ্ৰেট বৃটেইনৰ, আমেৰিকা, ফ্ৰান্স আদি দেশৰ নাম৷ 

কিন্তু তাৎপৰ্যৰ কথা যে তাতে নাম নাছিল ভাৰতৰ৷ বিশ্বত ফেচবুক ব্যৱহাৰকাৰীৰ ভিতৰত আমেৰিকাৰ পিছতে নাম আহে ভাৰতৰ৷ সেইহেতু ইম’জি ব্যৱহাৰ কৰাৰ তালিকাত ভাৰতৰ নাম নথকাত ক্ষুণ্ণ হৈছে ফেচবুক ব্যৱহাৰকাৰী ভাৰতীয়৷ টুইটাৰত সদৰী কৰা তথ্যৰ ওপৰত সন্দেহ উপজিছে ভাৰতীয়ৰ৷  

 

ভাৰতীয়ই ফেচবুকত আৱেগ উজাৰিব নাজানে বুলি প্ৰকাৰান্তৰে জুকাৰবাৰ্গে কৈ জগৰ লগাইছে৷ জুকাৰবাৰ্গৰ টুইটাৰতে সেয়ে বৰষিছে এংগ্ৰী ভাৰতীয়ৰ ইমজি৷