newsnextone.com | ডিজিটেল ডেস্কঃ পঞ্জাৱ নেচনেল বেংকৰ কোটি কোটি টকাৰ ঘোটালা কাণ্ডৰ অন্যতম নায়ক নীৰৱ মোডীৰ বিৰুদ্ধে ইণ্টাৰপোলৰ জাননী জাৰি কৰিবলৈ আহ্বান জনায় চিবিআয়ে৷ আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে ভাৰতৰ চিবিআইৰ আবেদন গ্ৰহণ কৰি জাননী জাৰি কৰিছে৷ ইণ্টাৰপোলে জাৰি কৰা জাননী মৰ্মে শীঘ্ৰে দেশৰ পৰা পলায়ন কৰা সকলোকে গ্ৰেপ্তাৰ কৰা যাব৷ নীৰৱ মোডীৰ লগতে দেশৰ পৰা পলায়ন কৰা মোডীৰ কোম্পানীৰ বিষয়া সুভাষ পৰবৰ বিৰুদ্ধে জাননী জাৰি কৰে৷

বিদেশ মন্ত্ৰালয়, চিবিআই আৰু ইডিৰ বিষয়াৰ মাজত অনুষ্ঠিত বৈঠকৰ অন্তত এই সিদ্ধান্ত লয় চিবহিআয়ে৷ ইণ্টাৰপোলে জাৰি কৰা ৰেড কৰ্ণাৰ জাননী মৰ্মে এতিয়া পৃথিৱীৰ যিকোনো দেশৰ পৰা নীৰৱ মোডীক আটক কৰিব পাৰিব৷ ইয়াৰ পূৰ্বে গীতাঞ্জলি জেমছৰ মালিক মেহুল ছকছিৰ বিৰুদ্ধে বিশেষ আদালতত গোচৰ ৰুজু কৰে ইডিয়ে৷ পিএনবি ঘোটালাত হীৰা ব্যৱসায়ী নীৰৱ মোডী আৰু মেহুল ছকছিয়ে প্ৰায় ১৪ হাজাৰ কোটি ঋণ লৈ দেশৰ পৰা পলায়ন কৰে৷