31
Jan
2018
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনাৰ শৌৰ্য বৃদ্ধি কৰি আজি স্কৰপেন শ্ৰেণীৰ চাবমেৰিন আইএনএছ কাৰাঞ্জ মুকলি কৰা হয়। চত্ৰপতি শিৱাজিৰ নামেৰে নামাকৰণ কৰা চাবমেৰিন খন মুকলি কৰে নৌসেনা প্ৰধান সুনিল নাভাৰে৷ চাবমেৰিন মুকলি অনুষ্ঠানত নৌসেনাৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷
শত্ৰুৰ গোপনীয় বহুতো গুৰুত্বপূৰ্ণ তথ্যৰ যোগান ধৰাৰ লগতে ২০৩০ চনলৈ এই স্কৰপেন শ্ৰেণীৰ চাবমেৰিন আইএনএছ কাৰাঞ্জ খনে ভাৰতীয় নৌ সেনাক এটি নতুন মাত্ৰা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
এবাৰতে ১২,০০০ কি.মি. অতিক্ৰম কৰিব পৰা চাবমেৰিনখন পানীৰ তলৰ পৰাই শত্ৰুক অতৰ্কিতে আক্ৰমণ কৰিব পৰা ধৰণৰ আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ। সকলো পৰীক্ষণৰ অন্তত এই চাবমেৰিনখনক নৌসেনাৰ সকলোতকৈ শক্তিশালী যুদ্ধাস্ত্ৰ বুলি বুলি কোৱা হৈছে।