মাৰ্ঘেৰিটাঃ সেনাৰ গুলীত নিৰীহৰ মৃত্যু হোৱাত উত্তেজনাই বিৰাজ কৰিছে অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷

অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটকৰ কাংছা বস্তিৰ থিংতু নিমু (৪০)  নামৰ লোকজনৰ ১৪নং আসাম ৰাইফলচৰ গুলীত ইতিমধ্যে মৃত্যু হৈছে৷

সেনাই এনএছচিএনৰ বিৰুদ্ধে চলোৱা অভিযানত দেহত গুলী লাগি ব্যক্তিজনৰ মৃত্যু হয়৷ ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সীমান্তৱৰ্তী অঞ্চলটোত।

আনহাতে আজি মাৰ্ঘেৰিটাৰ একাংশ সংবাদ মাধ্যমৰ লোকে সীমান্তৱৰ্তী অৰুণাচলৰ নামটকৰ পৰীক্ষণ চকীত উক্ত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰাক লৈও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

নীৰিহৰ মৃত্যু তথা সাংবাদিকক বাধা দিয়া ঘটনাক স্থানীয় দ’ল-সংগঠন আৰু সচেতন মহলে গৰিহনা দিছে৷