ডিজিটেল ডেস্কঃ পৰীক্ষাত নকল কৰাৰ অভিযোগত গ্রেপ্তাৰ হ’ল তামিলনাডু কেডেটৰ প্রশিক্ষণৰত আইপিএচ বিষয়া চফিৰ কৰিম। সোমবাৰে আইবি-ৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ কৰা হয় বিষয়াজনক।

চেন্নাইৰ এগমোৰৰ এটা কেন্দ্রত ইউপিএচচি পৰীক্ষাত নকল কৰাৰ অভিযোগত মঙলবাৰে আইপিএচ বিষয়া কৰিমক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। জানিব পৰা মতে, কৰিম বৰ্তমানে তিৰুনেলভেলিৰ নাঙ্গুনেৰিত সহকাৰী আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব পালন কৰি আছিল। অভিযোগ অনুসৰি প্রেচিডেন্সি গার্লচ হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্রত কৰিমে গোপনে মোবাইল লগত ৰাখিছিল। তেওঁৰ লগত আছিল এটা মিনি ব্লুটুথ৷ চাৰ্টৰ বুটামৰ পিছফালে লুকাই ৰখা ৱায়াৰলেচ ব্লুটুথটোৰ জৰিয়তে সংযোগত স্থাপন কৰি আছিল পত্নিৰসৈতে৷

 'হায়দৰাবাদত বহি চফিৰ পত্নী জয়চি জয়ে ফোনৰ যোগে কৰিমক প্রশ্নৰ উত্তৰ কৈ দি আছিল।' হায়দৰাবাদ আৰক্ষীয়ে জয়চিক চহৰৰ অশোকনগৰ অঞ্চলৰ আইএএচ কোচিং স্কুল 'লা এক্সেলেন্স আইএএচ'-ৰ পৰা গ্রেপ্তাৰ কৰে। জানিপ পৰা মতে, সেই স্কুলখনত জয়চি প্রশিক্ষক হিচাপে কাম কৰি আছিল।

একেই কাৰণতে গ্রেপ্তাৰ কৰা হয় স্কুলখনৰ ডাইৰেক্টৰ তথা চফিৰ বন্ধু পি ৰামবাবুক। আৰক্ষীৰ দাবী, 'কৰিম আইএএচ-এত যোগ দিয়াৰ আশাত ইউপিএচচি পৰীক্ষাত বহিছিল।'

কেৰালাৰ আলুভা অঞ্চলৰ বাসিন্দা চফিৰ দ্বিতীয় বাৰ পৰীক্ষা দি ২০১৫ চনত ইউপিএচচি পৰীক্ষাত ১১২তম স্থান পাইছিল। পূৰ্ৱতে ইলেকট্রনিক্স ইঞ্জিনিয়াৰ চফিৰ নিজৰ নামত থকা এটা আইএএচ কোচিং চেন্টাৰৰো কর্ণধাৰ, যাৰ শাখা কোচি আৰু তিৰুৱনন্থপুৰমৰ চহৰত আছে। ইউপিএচচি পৰীক্ষাৰ প্রথম পাঁচ দিন নকল কৰা বুলি শনিবাৰে কৰিমক সন্দেহ হয় আইবি-ৰ। যাৰ বাবে নজৰ ৰাখে চফিৰক। নজৰ ৰখা হয় চফিৰৰ পত্নী জয়চি জয়ৰ ওপৰতো। সোমবাৰে কৰিমক গোপনে অনুসৰণ কৰে আইবি-ৰ দুই বিষয়াই। পৰীক্ষাকেন্দ্রৰ প্রধান তালাচীকক্ষত থকা দুই আৰক্ষীকর্মীক সহজেই বুৰ্বক বনায় কৰিমে।

আইবি বিষয়াই উল্লেখ কৰা মতে, 'নিজেৰ ৱালেট তথা চেলফোন আৰক্ষীকর্মীৰ হাতত তুলি দিয়ে কৰিমে। কিন্তু মোজাৰ ভিতৰত লুকাই ৰখা অন্য এটা চেলফোন আৰু চার্টৰ বুটামৰ আৰত ৰখা কেমেৰা, ইয়াৰফোন লৈ তেওঁ পৰীক্ষাকেন্দ্রত সোমায়।' পৰীক্ষা আৰম্ভ হোৱাৰ ২০ মিনিট পিছত পৰীক্ষাহ’লত প্রৱেশ কৰে গোপনে অনুসৰণ কৰা  দুই বিষয়াই। চফিৰক তালাচি কৰাত বহা ঠাইৰ পৰা উদ্ধাৰ হয় চেলফোন, ইয়াৰফোন আৰু গোপন কেমেৰা। আইপিএছৰ পৰা আইএএচ হ'ব বিছৰা চফিৰ এতিয়া জেলত।