শিৱসাগৰঃ শিৱসাগৰ জাঁজীৰ পৰা ডিমৌলৈকে চাৰিলেনযুক্ত পথ আৰু সংযোগী দলং নিৰ্মাণত যে বিয়াগোম কেলেংকাৰী হ’ল, ৰাজকোষৰ কোটি কোটি টকা এটা চক্ৰই শৰাধ কৰিলে সেয়া অধিক স্পষ্ট হৈ পৰিছে। এইবাৰ খোদ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰিয়েই দলঙত ব্যৱহাৰ কৰাৰ আগেয়ে নতুন ঠিকাদাৰ প্ৰতিষ্ঠানে ভাঙি পেলাইছে পূৰ্বৰ ঠিকাদাৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থৈ যোৱা বহু সংখ্যক গাৰ্ডাৰ। 

কোটি কোটি টকা সৰকাই ২০২১ চনতে পলায়ন কৰা জিডিচিএল আৰু তাৰ অধীনত কাম কৰা ভিএছডি নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান দুটাই কাম এৰাৰ আগেয়ে কেইবাখনো নিৰ্মীয়মান দলঙত ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল কেতবোৰ পকী গাৰ্ডাৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিখৌ নদীৰ ওপৰত থকা গেমন দলং, দৰিকা নদীৰ ওপৰত থকা দৰিকা দলঙৰ কাষতে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে একোখনকৈ পকী দলং। 

চাৰিলেনযুক্ত পথৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰি থকা এই দলংসমূহত ব্যৱহাৰ কৰিবলৈকে বহু সংখ্যক গাৰ্ডাৰ নিৰ্মাণ কৰিছিল জিডিচিএল আৰু ভিএছডি নামৰ প্ৰতিষ্ঠা নদুটাই। বৰ্তমান সেই গাৰ্ডাৰসমূহত পৰিছে হাতুৰী আৰু এক্সেভেটৰৰ কোব। এটা এটা গাৰ্ডাৰৰ বাবদ নিৰ্মাণ ব্যয় দেখুৱাইছিল ৫০ৰ পৰা ৭০-৮০ লাখ টকা পৰ্যন্ত। কিন্তু পৰবৰ্তী পৰ্যায়ত ফ'ৰষ্টাৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণৰ নিবিদা লাভ কৰাৰ সময়তে পোহৰলৈ আহে ভয়ংকৰ তথ্য। জিডিচিএলে নিৰ্মাণ কৰি থৈ যোৱা গাৰ্ডাৰসমূহ অতি নিম্নমানৰ আৰু দলঙত ব্যৱহাৰৰ অনুপযোগী বুলি পৰীক্ষাগাৰত প্ৰমাণিত হয়। অথচ সেইবিলাক গাৰ্ডাৰ উন্নতমানৰ বুলি ভুৱা প্ৰতিবেদন, ভুৱা বিল জমা দি বহু কোটি টকা উলিয়াই নিছিল জিডিচিএল আৰু ভিএছডিয়ে। 

ৰহস্যজনক কাৰণত এই খবৰ গোপনে ৰাখিবলৈ এনএইছআইডিচিএলে চেষ্টা কৰিছিল যদিও সংবাদ মাধ্যমত সকলো ফাদিল হয়। উপায়হীন হৈ শিৱাসৰলালকাৰ ঠিকাদাৰ প্ৰতিষ্ঠানকে সেই গাৰ্ডাৰ ভাঙি নতুনকৈ নিৰ্মাণৰ নিৰ্দেশ দিছিল যদিও প্ৰতিষ্ঠানটোৱে তাৰ বাবদ হোৱা খৰচ বহন কৰিবলৈ অস্বীকাৰ কৰি কাম এৰি দিয়ে। ফলত এক বছৰ ধৰি নিৰ্মাণকাৰ্য বন্ধ হৈ থকাত বৰ্তমান নতুন  ঠিকাদাৰ প্ৰতিষ্ঠানে দ্ৰুত গতিত কাম আৰম্ভ কৰিছে। 

লক্ষণীয়ভাৱে জিডিচিএলে নিৰ্মাণ কৰি থৈ যোৱা নিম্নমানৰ, ব্যৱহাৰৰ অনুপযোগী গাৰ্ডাৰসমূহ এটা এটাকৈ বৰ্তমান ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। দৰিকাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চাৰিটা গাৰ্ডাৰৰ দুটা, বেতবাৰী শুকান পুখুৰীৰ সমীপত ঘাইপথৰ কাষত থকা দুটা গাৰ্ডাৰ বৰ্তমান চূৰমাৰ কৰি ভাঙি পেলালে। সেইদৰে অচিৰেই ভাঙিব আৰু বহুকেইটা গাৰ্ডাৰ। তাৰ ঠাইত নতুন নতুন গাৰ্ডাৰ নিৰ্মাণ আৰম্ভ কৰিছে। কিন্তু যিবিলাক গাৰ্ডাৰ নিম্নমানৰ হোৱা বাবে ভাঙিবলগীয়া হৈছে তাৰ বাবদ ইতিমধ্যেই জিডিচিএলে উলিয়াই নিয়া ১৭ কোটিৰো অধিক টকা ঘূৰাই আনিব পাৰিবনে? 

জিডিচিএল আৰু ভিএছডিএ সেই সময়ত গাৰ্ডাৰসমূহ নিৰ্মাণ কৰোতে কিয় ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণে ভালদৰে নীৰিক্ষণ কৰা নাছিল? গাৰ্ডাৰ সমূক্ষ পৰীক্ষা নকৰাকৈ কিয় ধন মোকলাই দিলে? অতি সম্প্ৰতি এই প্ৰশ্ন সমূহ উঠিছে যদিও নীৰৱে আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। সেই সময়ত এনএইচআইডিচিএলৰ বিষয়া, অভিযন্তায়ো ঠিকাদাৰৰ পৰা কমিচন লৈয়ে জিডিচিএলক চকু মুদি ধন মোকলাই দিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। ব্যৱহাৰ কৰাৰ আগেয়ে নৱনিৰ্মিত গাৰ্ডাৰ ভাঙিবলগীয়া হোৱা দৃশ্য দেখি বৰ্তমান বেতবাৰী মৌজাৰ ৰাইজ হতভম্ব হৈ পৰাৰ লগতে ইয়াৰ এক উচিত তদন্তৰ দাবী তুলিছে।