newsnextone.com | ডিজিটেল ডেস্কঃ হিজবুল মুজাহিদীনৰ শীৰ্ষ নেতা সন্ত্ৰাসবাদী বুৰহান ৱানীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকিৰ দিনা দেওবাৰে জম্মু-কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে৷ যোৱা বছৰ বুৰহান ৱানীৰ প্ৰথম মৃত্যু বাৰ্ষিকিৰ সময়ত ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাত গুৰুত্ব প্ৰদান কৰি দেওবাৰে অমৰনাথ যাত্ৰাও এটা দিনৰ বাবে স্থগিত ৰখা হয়৷

ৰাজ্যখনৰ আইন ব্যৱস্থা বৰ্তাই ৰাখিবৰ বাবে ৰাজ্যখনৰ ঠায়ে ঠায়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা গৈছে৷ সন্ত্ৰাসযুক্ত সংবাদ প্ৰচাৰৰ আশংকা কৰি কেইটাও অঞ্চলত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে৷ বুৰহানৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ভয়ত অমৰনাথ যাত্ৰা দেওবাৰৰ দিনাখন স্থগিত ৰখা হয়৷

বুৰহান ৱানীৰ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে শুকুৰবাৰে সন্ত্ৰাসবাদী সংগঠনৰ নেতা য়াচিন মালিকক সেনাই নিজৰ জিম্মালৈ আনে৷ চদুপৰি মোৰ ৱাইজ আৰু চৈয়দ জফৰশ্বাহ গিলানী নামৰ শীৰ্ষ সন্ত্ৰাসবাদী নেতা দুজনক সেনা-আৰক্ষীয়ে নজৰবন্দী কৰি ৰাখে৷

উল্লেখ্য যে, ২০১৬ চনৰ ৮ জুলাইত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকৰনাগ অঞ্চলত নিৰাপত্তাৰক্ষীয়ে হিজবুল মুজাহিদীনৰ শীৰ্ষ নেতা বুৰহান ৱানীক অভিযান চলাই হত্যা কৰিছিল৷ বুৰহানৰ মৃত্যুৰ পিছত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়৷ বিদ্ৰোহী, সুৰক্ষা কৰ্মী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত ৰাজ্যখনত সেইসময়ত ৮৫ জন লোকৰ মৃত্যুু ঘটিছিল৷