Home দেশৰাজনৈতিক নেতাৰ শিক্ষাৰ কথা কোৱা বাবেই চাকৰি গ’ল নেকি এইজন শিক্ষকৰ?

ৰাজনৈতিক নেতাৰ শিক্ষাৰ কথা কোৱা বাবেই চাকৰি গ’ল নেকি এইজন শিক্ষকৰ?

by News Desk
A+A-
Reset
karan-unacademy

Unacademy প্ৰসংগই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে পুনৰবাৰ চৰ্চিত হৈ পৰিছে প্ৰাচীন ভাৰতৰ ‘নালন্দা বিশ্ববিদ্যালয়’ৰ কথা। সভ্যতা, সংস্কৃতি আৰু বিশেষকৈ শিক্ষাৰে হাজাৰ হাজাৰ বছৰ আগতে পৃথিৱীৰ ভিতৰতে আটাইতকৈ আগবঢ়া দেশসমূহৰ ভিতৰত অন্যতম আছিল ভাৰতবৰ্ষ। ইয়াতেই আছিল পৃথিৱীৰ প্ৰথমখন আৱাসিক প্ৰাতিষ্ঠানিক বিশ্ববিদ্যালয় ‘নালন্দা বিশ্ববিদ্যালয়’। তাৰো বহু শতিকা আগত প্ৰতিষ্ঠা হৈছিল দেশ বিভাজনৰ পিছত পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ পৰা বিশ্ববিখ্যাত তক্ষশিলা বিশ্ববিদ্যালয়ৰ। এই দুয়োখন বিশ্ববিদ্যালয়তে নিজ দেশৰ উপৰিও কোৰিয়া, জাপান, চীন, তিব্বত, ইণ্ডোনেছিয়া, পাৰ্চিয়া, তুৰস্ক আদি বিভিন্ন দেশৰ পৰা পঢ়ুৱৈ আৰু গৱেষক বিদ্বানসকলৰ আগমন ঘটিছিল। 

সমগ্ৰ পৃথিৱীয়ে এসময়ত শ্ৰদ্ধা আৰু সম্ভ্ৰমৰ দৃষ্টিৰে চোৱা এইখন দেশ আজিৰ তাৰিখত ৰাজনীতিৰ লেতেৰা বোকা আৰু ক্ষমতাৰ লালসাত ডুব যোৱা এখন তৃতীয় বিশ্বৰ অসুখী দেশ হিচাপে পৰিগণিত হৈছে। বৰ্তমান সময়ত ক্ষমতাৰ লোভ আৰু ৰাজনীতিৰ পংকিলতাই ইমানখিনি পৰ্য্যায় পাইছেগৈ যে ই দেশৰ শিক্ষাখণ্ডকো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ এৰা নাই। ক্ষমতাশীন চৰকাৰে শেহতীয়াকৈ বিভিন্ন পাঠ্যক্ৰমত কৰা পৰিৱৰ্তন আৰু ইয়াৰ সম্ভাব্য ভয়ংকৰ ঋণাত্মক ফল সেই কথাৰ ইংগিত। অতি সন্মানীয় শিক্ষকসকলক শেহতীয়াকৈ ৰাজনীতিবিদসকলে কৰা নীচ ব্যৱহাৰো শিক্ষাক্ষেত্ৰত পৰা সাম্প্ৰতিক ৰাজনীতিৰ কুপ্ৰভাৱৰ অংশ। ইয়াৰ শেহতীয়া জ্বলন্ত উদাহৰণ হ’ল শিক্ষক কৰণ ছাংৱানৰ Unacademy নামৰ অনলাইন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা অপসাৰণ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0