19
Jul
2019

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত বৃহস্পতিবাৰে বিয়লি আৰক্ষীৰ নিয়মীয়া তালাচীত বোকাজানৰপৰা ডিমাপুৰ অভিমুখে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা বোকাজানৰ এক নং পাকলাংছ' তেংটম ইংতি ওৰফে এলৱিন (২৫) আৰু সৰিয়হজান সেৱাকেন্দ্ৰৰ তিমথি ৰংফাৰ (২১) বুলি চিনাক্ত কৰা হৈছে৷ অন্তৰ্বাসৰ ভিতৰত এটা টেমাত নিচাযুক্ত টেবলেটখিনিলৈ এখন মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত নিয়মীয়া তালাচীত থকা খটখটি থানাৰ আৰক্ষীয়ে সন্দেহবশতঃ তালাচী চলোৱাত নিচাযুক্ত টেবলেটখিনি উদ্ধাৰ হয়৷