ডিজিটেল ডেস্কঃ নিজে কৰা অপৰাধৰ বাবে আদালতে শাস্তি বিহে অপৰাধীজনক৷ কিন্তু যদিহে সেই অপৰাধৰ বাবে শাস্তি পাবলগীয়া হয় ৩ টা প্ৰজন্মই৷ এয়া নিশ্চয় চিন্তনীয়। 

এনে কিছু উদ্ভত আইন মানি চলিবলগা হৈছে উত্তৰ কোৰিয়াবাসী৷ কিম জং উন নেতৃত্বাধীন এনে আজৱ নিয়ম মানি আহিছে দেশখনৰ জনগণে৷ ককাকে কৰা অপৰাধৰ বাবে নাতিয়েকেও শাস্তিৰ সন্মুখীন হয়৷ 

আনকি দেশখনৰ চৰকাৰে নিৰ্ণয় কৰে জনগনৰ চুলিৰ ষ্টাইল৷ কিম জং উন চৰকাৰে মুঠ ২৮ টা চুলিৰ ষ্টাইল ধাৰ্য্য কৰিছে দেশখনৰ নাগৰিকৰ বাবে৷ উক্ত ২৮ টা চুলিৰ ষ্টাইলেই গ্ৰহণ কৰিব লাগিব দেশবাসীয়ে৷ 

তদুপৰি দেশখনৰ ৰাজধানীত বসবাস কৰিবলৈ ল’ব লাগিব চৰকাৰৰ অনুমোদন৷ আনকি শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে কেতবোৰ নিয়ম৷ বিদ্যালয়ত পঢ়িব লাগিলে শিক্ষাৰ্থীয়ে নিজেই নিব লাগিব ডেস্ক-বেঞ্চ আৰু আন কেতবোৰ সামগ্ৰী৷ 

পশ্চিমীয়া শিক্ষাৰ ওপৰতো কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বাইবেল কিনা এক অপৰাধ হিচাবে গণ্য কৰা হয় উত্তৰ কোৰিয়াত৷ তদুপৰি কেৱল ৩ টা টিভি চেনেলহে সম্প্ৰচাৰ হয় উত্তৰ কোৰিয়াত৷ 

বহুজাতিক প্ৰতিষ্ঠান এপ’ল, ছনি আৰু মাইক্ৰছ’ফট সম্পুৰ্ণৰূপে নিষিদ্ধ দেশখনত৷ মুঠতে কিম জং উন নেতৃত্বাধীন উত্তৰ কোৰিয়াবাসী যেন এতিয়াও বঞ্চিত প্ৰাথমিক সুবিধাৰ পৰা৷