newsnextone.com | গুৱাহাটীঃ শ্বহীদৰ বেদীত মূৰ দোৱাই কৃষক মুক্তিৰ নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেওবাৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামৰ নতুনকৈ পাতনি মেলিলে৷ দেওবাৰে পুৱাই মহানগৰীৰ ৰাজ পথলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ-শ নেতা-কৰ্মী ওলাই আহে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অন্তিম টোপাল দেহত ৰক্ত থকালৈকে সংগ্ৰাম কৰি যোৱাৰ পোষকতা কৰি শ্বহীদ বেদীৰ সন্মুখত সংকল্প ললে দেওবাৰে৷ 

ভাৰত চৰকাৰক কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কৃষক মুক্তিৰ সদস্যই দেহত অন্তিম টোপাল ৰক্ত থকালৈকৈ অসমক ৰক্ষাৰ কৰাৰ স্বাৰ্থত যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব নিদিও বুলি কয়৷ এই বিধায়ক যিকোনো মূল্যৰ বিনিময়ত প্ৰত্যাহাৰ কৰিব বুলি হুংকাৰ দিয়ে কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা সদস্যই। 

গুৱাহাটীৰ চানমাৰিৰ শ্বহীদ দুলাল শৰ্মাৰ শ্বহীদবেদীৰ সন্মুখত পুৱাই সংকল্প লৈ কৃষক মুক্তিৰ নেতা-কৰ্মীয়ে বেলতলা অভিমুখে ৰাওনা হয়৷ বেলতলাত উপস্থিত হৈ কৃষক নেতা অখিল গগৈয়ে এখন বাহনত উঠি ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰি অসম ত্ৰিপুৰাৰ দৰে হ’ব বুলি চিন্তা ব্যক্ত কৰে৷ অসমীয়া জাতিয়ে আজি জাগিব লাগিব অন্যথাই এদিন সকলো বোৰ হেৰাব লাগিব বুলি কয় গগৈয়ে৷

বেলতলাত কৃষক মুক্তিৰ নেতা-কৰ্মীয়ে ৰাইজৰ হাতত একোখনকৈ প্ৰচাৰপত্ৰ তুলি দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বেলতলা বজাৰৰ পৰা আৰম্ভ কৰা প্ৰচাৰপত্ৰ বিতৰণ অভিযান সমগ্ৰ অসমত চলিব বুলি কয়৷