
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডস্থিত ইণ্টাৰনেশ্যনেল ক’ৰ্ট অৱ জাষ্টিচে কুলভূষণৰ গোচৰৰ ক্ষেত্ৰত ভাৰতক সকাহ দি এক নতুন ঘোষণা কৰিছে। এই ঘোষণামৰ্মে আইচিজেয়ে চুড়ান্ত সিদ্ধান্ত নিদিয়ালৈকে পাকিস্তানে কুলভূষণক ফাঁচি দিব নোৱাৰিব।
ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰিৰ অভিযোগত পাক সামৰিক আদালতে মৃত্যুদণ্ড বিহাৰ আগতীয়া সিদ্ধান্ত কোনো সভ্য সমাজৰ নীতিৰ ওপৰত আধাৰিত নহয়। এনেদৰে পুৰ্বনিৰ্ধাৰিত শাস্তি দিয়াৰ অধিকাৰ নাই বুলিও কয় আদালতে।
আন্তৰাষ্ট্ৰীয় আদালতখনৰ মুখ্য ন্যায়াধীশ ৰনী আব্ৰাহমে কয় যে যাদৱক গ্ৰেপ্তাৰ কৰা বিষয়টোৱে বিতৰ্কিত। 'সেইহেতু এনেদৰে ফাঁচি দিয়াৰ বাবে লৰালৰি কৰাটো অনুচিত।’ এনেকৈ কয় ন্যায়াধীশজনে।
দুয়োখন দেশৰ মাজত হোৱা ভিয়েনা চুক্তি উলংঘা নকৰি বিষয়টো পৰস্পৰে সমাধান কৰাত গুৰুত্ব দিয়া উচিত বুলিও কয় ন্যায়াধীশজনে। উল্লেখ্য যে ভিয়েনা চুক্তিমতে দুয়োখন দেশৰ নাগৰিকেই সমস্যাৰ ক্ষেত্ৰত কনচুলাৰ জেনেৰেলৰ কাষ চাপিব পাৰে। সেইসূত্ৰে যাদবৰ হৈও কনচুলাৰ এক্সেছৰ দাবী উত্থাপন কৰাৰ অধিকাৰ ভাৰতৰ আছে।
আইচিজেৰ ঘোষণাৰ পূৰ্বে কোনো কাৰণতে যাদৱক ফাঁচি দিব নোৱাৰিব বুলি আইচিজেৰ ঘোষণাই ভাৰতক কূটনৈতিক যুঁজখনত সকাহ দিছে।