![](https://newsnextone.com/sites/default/files/styles/777x500/public/kumarjeet-bagla.jpg?itok=r80aOC6M)
বাংলাদেশী! এই শব্দটোৱে দশক দশক ধৰি অশান্ত কৰি ৰাখিছে অসম৷ এনে লাগে বাংলাদেশত কিজানি একোৱেই নাই৷ কেৱল লুঙী, দাঢ়ি আৰু ৰং বিৰঙৰ শাৰীহে আছে৷ ভালদৰে এসাঁজ খাবলৈ নাই, কুকুৰ-মেকুৰীৰ দৰে আছে বাংলাদেশী৷ সেয়ে সকলো বাংলাদেশী অসমলৈ আহে৷
এই মনোভাৱতেই আছিলো বহুদিন৷ পিছত বাংলাদেশৰ কাৰোবাক লগ পালেই দেশখনৰ বিষয়ে জানিব বিচাৰো৷ অসমলৈ কিয় আহে বাংলাদেশী? এখন সুসভ্য দেশ হোৱাৰ পাছতো নদীৰ বুকুৰে, কাঁটাতাঁৰৰ বেৰ ফালি জীৱন হাতৰ মুঠিত লৈ কিয় আমাৰ ৰাজ্যলৈ বাংলাদেশী আহে?
এনে অলেখ প্ৰশ্নই দোলা হয়তো আপোনাৰ মনতো দিয়ে৷ প্ৰশ্নৰ উত্তৰ নিশ্চয় পাইছো৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাংলাদেশ বিশেষকৈ বংগবন্ধুৰ অনুগতসকলে কোনো দিনেই বিশ্বাসঘাতকৰ ভূমিকা লোৱা নাই৷ এওঁলোকক মোৰ ভাল লাগে৷ ভাল লাগে দেশখনৰ শিল্প-সাহিত্যও৷ সময় পালে চুবুৰীয়া দেশখনৰ নানা খা-খবৰ ল'ব বিচাৰো৷
'প্ৰিয় ৰুদ্ৰ,প্ৰযত্নে আকাশ'--তচলিমা নাচৰিনে তেওঁৰ প্ৰেমিক ৰুদ্ৰক উদ্দেশি লিখা এই কবিতাটো হেজাৰবাৰ শুনিছো৷ শুনিছো ৰুদ্ৰৰো সেই প্ৰেমৰ আকুলভৰা কবিতা৷
'তাৰ চোখ বাঁধা হলো
বুটেৰ প্ৰথম লাথি ৰক্তাক্ত...'
কবি ৰুদ্ৰৰ এনে কবিতাৰ লগতে কাজী নজৰুল, ৰবি ঠাকুৰ, ৰফিক আজাদৰ 'ভাত দে হাৰামজাদা'ৰ দৰে অজস্ৰ বিপ্লৱী, ৰোমান্সৰ কবিতা হাছানদাৰ কণ্ঠত সময় পালেই ইউটিউবত শুনো৷ হাছানদা মানে হাছান ৰফিক৷ বাংলাদেশৰ জনপ্ৰিয় আবৃত্তিকাৰ, সাংস্কৃতিক কৰ্মী হাছানদা ভূপেনদা বুলিলেই পাগল৷
১৯৭১ত বাংলাদেশ জন্মৰ সময়ত ৮ বছৰীয়া হাছানদাই দেশখনৰ য'তে পায় তাতেই গাইছিল আমাৰ ভূপেন হাজৰিকাৰ 'জয় জয় নৱজাত বাংলাদেশ/জয় জয় মুক্তি বাহিনী৷' তেতিয়াৰে পৰা ভূপেনদাৰ প্ৰেমিক তেওঁ৷
দীঘল চুলি, বুদ্ধিদীপ্ত চকুযুৰিৰে হাছানদাই আবৃত্তি কৰি যাব পাৰে ভূপেনদাৰ প্ৰতিটো গান৷ কথা প্ৰসংগত দাদাই ক'লে ঢাকা বিশ্ববিদ্যালয়ৰ লাকি আলীৰ কথা৷ কান্ধত একৰ্ডিয়ন লৈ ঢাকা ইউনিভাৰছিটীত ভূপেনদাৰ গীতেৰে আলোড়ন তোলে লাকিয়ে৷
ঢাকাত লাকিৰ নাম জুনিয়ৰ ভূপেন হাজৰিকা৷ হাছানদাৰ নিৰলস প্ৰচেষ্টাতে বাংলাদেশত জন্ম হৈছে ভূপেন হাজৰিকা ন্যাস৷ যো-জা চলিছে ভূপেনদাক লৈ আৰু বহুত প্ৰকল্পৰ৷ হাছানদাৰ লগতে লগ পোৱাৰ সৌভাগ্য হ'ল বাংলাদেশৰ 'জলেৰ গান' নামৰ সংগীত বেণ্ডৰ মুখ্য শিল্পী ৰাহুল আনন্দ আৰু জেমছক৷
ৰাহুলৰ ঘৰ ছিলেটত৷ দেশ বিভাজনৰ পূৰ্বে ছিলেট অসমৰেই আছিল৷ ৰাহুলৰ আজো আইতাক হেনো গুৱাহাটীৰেই আছিল৷ পিছত যোগসূত্ৰৰ অভাৱত সেই শিপা হেৰাই থাকিল৷ অৱশ্যে ৰাহুলে শিপা বিচাৰি এতিয়াও ফুৰে৷ 'জলেৰ গান'ৰ 'বকুলফুল বকুলফল...' গানটো শুনিলেই এনে লাগে এইটো যেন মোৰ গাঁৱৰহে গান৷
♦ লেখক 'প্ৰাগ নিউজ'ৰ জ্যেষ্ঠ সাংবাদিক।