লখিমপুৰঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত হোৱা ব্যাপক দুৰ্নীতিৰ CBI তদন্ত দাবী, বক্ৰ পথেৰে নিযুক্তি দিয়া তালিকা সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত, পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক মন্ত্ৰিত্বৰপৰা অপসাৰণ কৰাৰ দাবীৰে লখিমপুৰৰ লালুক তিনিআলিত অসম জাতীয়তাবাদী যুৱ পৰিষদ লালুক আঞ্চলিক সমিতিয়ে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।