21
May
2019
জিয়াউল আলী, লখিমপুৰ

লখিমপুৰঃ লখিমপুৰ আৰক্ষীক নাকত ধৰি চাকত ঘুৰাইছে চিলনী চোৰে৷ ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে লখিমপুৰত৷
বৃদ্ধ দম্পতীৰপৰা বাইক আৰোহী দুৰ্বৃত্তই লুট কৰিলে ২ লাখ ১২ হাজাৰ টকা৷ ডি কে ৰোডৰ ষ্টেট বেংকৰ সমীপত এই ঘটনাটো সংঘটিত হয়৷
ষ্টেট বেংকৰপৰা পেঞ্চনৰ ধন উলিওৱা অৱস্থাতেই দম্পতিৰপৰা বেগ আজুৰি নিয়ে মটৰ চাইকেল আৰোহীকেইটাই৷ বেগ টনা আজোৰা কৰি বহু দুৰ চোঁচৰাই নিয়ে মহিলাকগৰাকীক৷ যাৰ ফলত এই ভয়ংকৰ দৃশ্য চিচিটিভিত বন্দী হৈ ৰয়৷
ইতিমধ্যে বৃদ্ধ দম্পতী লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷